/asomiyapratidin/media/media_files/2026/02/22/bagtatatataokja-2026-02-22-23-43-33.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থান হৈছে অসমৰ সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ। গুৰুৱে সাত বৈকুণ্ঠৰ পট আঁকি চিহ্নযাত্ৰা ভাওনা কৰা, গোবিন্দ গোসাঁই শিৰত ফাকু দি ফাল্গু উৎসৱ পতা বটদ্ৰৱা থানখনিত গুৰুজনাৰ মহান স্মৃতি সৰোগত কৰি আজিও চৈধ্য প্ৰসঙ্গ, পৰম্পৰাগত নাট ভাওনা আদি বিভিন্ন সাংস্কৃতিক উপাদানেৰে সমৃদ্ধ হৈ আছে।
শ শ বছৰৰ বৈভৱময় এই বটদ্রৱা থানৰ সাংস্কৃতিক উপাদান, গীত মাত, ভাওনা, মুখা শিল্প আদি বহল অৰ্থত প্ৰসাৰ কৰা, শিক্ষণৰ ব্যৱস্থা, আৰু হেৰাই যাব খোজা কিছু গীত-নৃত্য পুনৰ উদ্ধাৰ কৰি প্ৰশিক্ষণ প্ৰদান কৰা আদি বিষয় সামৰি আজি বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যালয়ত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।
ভকত তৰুণ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত সভাত পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক লাচিত বৰদলৈ, বিশিষ্ট সত্ৰীয়া শিল্পী ৰঞ্জিত মহন্ত, ত্ৰিকেন্দ্ৰজিৎ দেৱগোস্বামী, বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা হীৰামণি বৰুৱা, গিৰিশ বৰুৱা, দিব্যজ্যোতি বৰুৱাই অংশগ্ৰহণ কৰি বিভিন্ন বিষয়ৰ পৰ্যালোচনা কৰি আগন্তুক দৌল উৎসৱৰ পাছত পুনৰ সভা অনুষ্ঠিত কৰি কাৰ্যপন্থা হাতত লোৱা প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us