বটদ্ৰৱা থানৰ ঐতিহ্য সামৰি ‘সত্ৰৰ সাংস্কৃতিক আধাৰ’ শীৰ্ষক গ্ৰন্থ উন্মোচন

বটদ্ৰৱা থানৰ চৈধ্য প্ৰসঙ্গ, বটদ্ৰৱা শলগুৰি সত্ৰ আৰু নৰোৱা সত্রৰ বৈভৱময় সাংস্কৃতিক উপাদান, বটদ্ৰৱা থানৰ ইতিহাস, পৰম্পৰা এই সমগ্ৰ বিষয় সমূহ সামৰি এখনি বৃহৎ কলেবৰৰ গ্ৰন্থ উন্মোচন কৰা হয়।

author-image
Asomiya Pratidin
New Update
FASDSDSS

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ চৈধ্য প্ৰসঙ্গ, বটদ্ৰৱা শলগুৰি সত্ৰ আৰু নৰোৱা সত্রৰ বৈভৱময় সাংস্কৃতিক উপাদান, বটদ্ৰৱা থানৰ ইতিহাস, পৰম্পৰা এই সমগ্ৰ বিষয় সমূহ সামৰি এখনি বৃহৎ কলেবৰৰ গ্ৰন্থ উন্মোচন কৰা হয়।

CaptureGFGFGFGFGGFG

৫৫০ পৃষ্ঠাৰ বটদ্ৰৱাৰ সংস্কৃতি বিষয়ক প্ৰকাশিত আটাইতকৈ ডাঙৰ গ্ৰন্থ খনিত খোলবাদ্যৰ চৌব্বিশখন চাহিনী, চাৰিখন ধুমুহী, ৬৪ খন তাল, ৭ খন ধেমালি আৰু ১২০ খনতকৈও অধিক নাচৰ বাজনাৰ বোলৰ আৰু বৰ্ণনাৰ উপৰিও বৰদোৱাৰ ইতিহাস, সত্ৰীয়া জীৱন শৈলী আৰু সাংস্কৃতিক তথ্যকোষ সন্নিৱিষ্ট কৰা হৈছে। 

CaptureGFGGGGG

এই আপুৰুগীয়া গ্ৰন্থ খনৰ লেখক ৰঞ্জিত মহন্তই জীৱনৰ সুদীৰ্ঘ সময়ৰ অভিজ্ঞতালব্ধ জ্ঞানেৰে বৰদোৱাৰ হেৰাই যোৱাৰ উপক্ৰম হোৱা পাঁচশ বছৰ পুৰণি সাংস্কৃতিক উপাদান সমূহ ইয়াত সন্নিৱিষ্ট কৰিছে। বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত চলি থকা এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰত চণ্ডিগড়ৰ পঞ্জাৱ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা দাৰ্শনিক চেবাচটিয়ান ভেলাচেৰী(Sebastian Velassery)য়ে এই গ্ৰন্থখনি উন্মোচন কৰে। "সত্ৰৰ সাংস্কৃতিক আধাৰ" শীৰ্ষক হেৰাই যাব ধৰা বটদ্ৰৱাৰ এই সাংস্কৃতিক সমল সমূহৰ গ্ৰন্থ খনি লিখি উলিওৱা শিল্পী ৰঞ্জিত মহন্তক সকলোৱে একেমুখে ভূয়সী প্ৰশংসা কৰিছে।

বটদ্ৰৱা থান বটদ্ৰৱা