/asomiyapratidin/media/media_files/2026/03/02/batarrarra-2026-03-02-23-39-22.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱা থানত আৰম্ভ হল দৌলযাত্ৰা মহোৎসৱ। আজি গন্ধোৎসৱ। "কাইলৈ পুৱা বটদ্ৰৱা থানত উপস্থিত হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা"- এই কথা নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই জানিবলৈ দিয়ে।
শংকৰদেৱ আৰ্বিভাৱ ক্ষেত্ৰত হেলিকপ্টাৰেৰে অৱতৰণ কৰি আশীষ ল’ব বটদ্ৰৱা থানত। ইফালে পবিত্ৰ দৌলযাত্ৰা মহোৎসৱৰ আজি গন্ধোৎসৱৰ নিশাৰ পাৰম্পৰিক কাৰ্যসূচীত নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই অংশ গ্ৰহণ কৰি আপ্লুত হৈ পৰে। তেওঁ এয়া সৌভাগ্য, গুৰুজনাৰ কৃপা বুলি প্ৰকাশ কৰি সকলোকে পবিত্ৰ দৌলযাত্ৰা মহোৎসৱৰ শুভকামনা জনাই।
আনহাতে, মাংগলিক ধ্বনি আৰু গায়ন বায়নৰ অনুষ্ঠানেৰে পৰম্পৰাগত ৰীতি নীতিৰে আৰম্ভ হল দৌল মহোৎসৱ। আজি গন্ধোৎসৱ। মাংগলিক ধ্বনিৰে মুখৰিত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা। মহাপুৰুষ গুৰুজনাৰ সৃষ্টিৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি নিশা উৎযাপন কৰা হয় গন্ধোৎসৱ ।
গোবিন্দ গোসাঁইক (শ্ৰীকৃষ্ণৰ মূতিভাগ) গায়ন বায়ন আৰু আধ্যাত্মিক নীতি-নিয়মেৰে ভক্তসবে অস্থায়ী ৰভাঘৰলৈ নি গোসাঁইক স্থাপন কৰা হয়। থলুৱা প্রাকৃতিক উপাদানেৰে প্ৰস্তুত কৰা এবিধ বিশেষ তেলেৰে নোওৱা হয়। স্নান কাৰ্য সম্পাদনৰ পাছত গোসাঁইক নতু্ন বস্ত্র পিন্ধোৱা হয় আৰু গায়ন বায়নে ‘ৰাম ধেমালী’ ধ্বনিৰে মুখৰিত হৈ পৰে বটদ্ৰৱাৰ আকাশ বতাহ।
ইফালে, ফাকুৱা উপলক্ষে ৰাজ্যৰ বিভিন্ন প্রান্তৰ হাজাৰ হাজাৰ ভকত বৈষ্ণৱৰ আগমন ঘটিছে গুৰুজনাৰ আৰ্শীষ লবলৈ। উল্লেখ্য যে, গুৰুজনাৰ জন্মস্থানত উদুলি-মুদুলি পৰিবেশৰ লগতে আধ্যাত্মিকতাৰ আজি প্ৰথম দিনা গন্ধ উৎসৱ উদযাপন কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us