কুটুম্ব সুৰক্ষা পৰিষদৰ সূত্ৰধাৰ ২০২৫ ৰ সামৰণি অনুষ্ঠান সম্পন্ন

"উজ্জয়িনী গুৰু শংকৰৰ নামত নামঘৰ সাজি তেখেতৰ দৰ্শন আৰু ধৰ্ম প্ৰচাৰ প্ৰসাৰ কৰা হব" দেওবাৰে এই কথা ঘোষণা কৰে কুটুম্ব সুৰক্ষা পৰিষদৰ মধ্য প্ৰদেশৰ আহ্বায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰৌদ্ৰ মল ৰাথোৰে।

author-image
Asomiya Pratidin
New Update
fdrfdfddffdf

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ "উজ্জয়িনী গুৰু শংকৰৰ নামত নামঘৰ সাজি তেখেতৰ দৰ্শন আৰু ধৰ্ম প্ৰচাৰ প্ৰসাৰ কৰা হব" দেওবাৰে এই কথা ঘোষণা কৰে কুটুম্ব সুৰক্ষা পৰিষদৰ মধ্য প্ৰদেশৰ আহ্বায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰৌদ্ৰ মল ৰাথোৰে। বটদ্ৰৱা থানত অনুষ্ঠিত কুটুম্ব সুৰক্ষা পৰিষদৰ সূত্ৰধাৰ ২০২৫ ৰ সামৰণি দিনা বিয়লি অনুষ্ঠিত সন্ত মহন্ত সন্মিলনত নিমন্ত্ৰিত অতিথি ৰূপে অংশ গ্ৰহণ কৰি এই কথা ব্যক্ত কৰে আহ্বায়কগৰাকীয়ে। 

বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰৰ আই খেৰসূতী সাংস্কৃতিক মঞ্চত অনুষ্ঠিত কুটুম্ব সুৰক্ষা পৰিষদৰ সূত্ৰধাৰ ২০২৫ ৰ সামৰণিৰ দিনা অনুষ্ঠিত সন্ত মহন্ত সন্মিলনত দেশৰ কুৰি গৰাকী ধৰ্মগুৰুৱে গুৰু শংকৰদেৱৰ দৰ্শন, সংস্কৃতি স্মৰণ কৰে। বটদ্ৰৱাৰ বিশিষ্ট শিল্পী ৰঞ্জিত মহন্তই পৰিচালনা কৰা ৰুক্মিণী হৰণ নাটকৰ "সুন্দৰী ধৰি হৰি" শীৰ্ষক বৰগীতেৰে আৰম্ভণি কৰা সন্মিলন খনিত সভাপতিত্ব কৰে বটদ্ৰৱা নৰোৱা সত্রৰ সত্ৰাধিকাৰ অম্লান জ্যোতি দেৱ গোস্বামীয়ে।

WhatsApp Image 2025-09-07 at 7.54.53 PM

কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি সত্য ৰঞ্জন বৰা আৰু জেষ্ঠ সাংবাদিক, কবি অজয় মাহটোৱে আঁত ধৰা অনুষ্ঠানটিত উপস্থিত থাকি উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ড০ মুকুন্দকাম শৰ্মাই "মহাপুৰুষ শংকৰদেৱৰ দৰ্শন সমাজৰ বাবে এক সাৰ্বজনীন, সামাজিক আৰু ধৰ্মীয় চিন্তাৰ উন্মোচন কৰিছিল, যিয়ে সাম্য, ঐক্য আৰু মানৱতাবাদক গুৰুত্ব দিছিল" বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে। আনহাতে কেৰালাৰ ধৰ্মগুৰ স্বামী চিদানন্দ পুৰীয়ে "গুৰু শংকৰদেৱে মানৱতাৰ একত্ব আৰু সামাজিক ঐক্যৰ ওপৰত জোৰ দিছিল" বুলি প্ৰকাশ কৰে। 

সত্ৰাধিকাৰ অতুল মহন্ত, নাহৰকটিয়া আদিবাসী চাহ জনগোষ্ঠী ধৰ্মীয় সত্ৰৰ সত্ৰাধিকাৰ ৰাজেশ্বৰ মহাপাত্ৰ, উৰিষ্যাৰ ধৰ্মগুৰ স্বামী সৎসতা নন্দ সৰস্বতী, মধ্য প্ৰদেশৰ ধৰ্মগুৰ বদ্ৰী লাল নাথ, ডিব্ৰুগড় দিনজয় সত্ৰৰ সত্ৰাধিকাৰ মুকুন্দ চন্দ্ৰ গোস্বামী, অৰুণাচল প্ৰদেশৰ বৌদ্ধ ধৰ্ম গুৰু ভান্টে ৰত্নদীপ, ভান্টে ক্ষেমানন্দ, অৰুণাচল প্ৰদেশৰ ধৰ্ম প্ৰচাৰক নবীন মেঘা  মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যাপক ড০ ধনঞ্জয় কুশ্ৰেৰ সাৱলীল আৰু মৰ্মস্পৰ্শী ভাষণ প্ৰদানৰ পাছত ৰামচন্দ্ৰৰ জনমভূমি অযোধ্যাৰ ৰাম মন্দিৰৰ জগতগুৰু ৰামানুজন আচাৰ্য কৰপাটি মহাৰাজে ভাষণ প্ৰদান কৰি "মই অযোধ্যাৰ কৰপাটি মহাৰাজে বুকুত গুৰু শংকৰদেৱক আবহন কৰি লৈছোঁ। মই জীয়াই থকালৈকে শংকৰদেৱক কঢ়িয়াই লৈ ফুৰিম" বুলি উল্লেখ কৰে।

ইফালে, নিশা সত্ৰ মণ্ডলী বটদ্ৰৱাৰ শিল্পীবৃন্দই খোল বাদন, ঘোষা পৰিৱেশন, বৰদোৱা সত্ৰীয়া সংস্কৃতিৰ কেন্দ্ৰৰ শিল্পী সকলে সত্ৰীয়া নৃত্য পৰিৱেশন কৰাৰ পাছত হাতিচোং নমাটি গাঁৱৰ ৰাইজৰ পূৰ্ব ৰংগৰ পাছত বটদ্ৰৱাৰ যুৱক-যুৱতী সকলে ৰামবিজয় ভাওনা পৰিবেশন কৰে।

WhatsApp Image 2025-09-07 at 7.54.53 PM (1)

আনহাতে শনিবাৰে বিয়লি অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত ভাষণ প্ৰদান কৰি পণ্ডিত, গৱেষক সঞ্জীৱ কুমাৰ বৰকাকতীয়ে "শ্ৰীমন্ত শংকৰদেৱ আছিল এজন জাতি নিৰ্মাতা। তেওঁ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত একতা আনিছিল। তেওঁ সংস্কৃতিৰ জৰিয়তে কেনেকৈ মানুহক সৱলীকৰণ কৰিব পাৰি সেই কথা দেখুৱাইছিল, যিটো তেওঁৰ সংস্কাৰমূলক কাম-কাজত এক শক্তিশালী আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছিল। তেওঁৰ ধৰ্মীয় দৃষ্টিভংগীও যথেষ্ট বৈপ্লৱিক আছিল। আনকি পোপ ফ্ৰান্সিছৰ আধুনিক ধাৰণাবোৰো ইতিমধ্যে বহু শতিকাৰ আগতেই শ্ৰীমন্ত শংকৰদেৱে ব্যৱহাৰ কৰিছিল। ইউনেস্ক’ই দিয়া এছডিজিৰ ধাৰণাসমূহ ইতিমধ্যে মধ্যযুগীয় কালতে শ্ৰীমন্ত শংকৰদেৱে কাৰ্যকৰী কৰিছিল। প্ৰতীকবাদ আদি বহু ক্ষেত্ৰত তেওঁ বাটকটীয়া আছিল।তেওঁৰ অৱদান ভাৰতৰ জাতীয় ক্ষেত্ৰখনলৈও বিস্তৃত হৈছিল। তেওঁৰ অংকীয়া ভাওনা আছিল মধ্যযুগীয় ভাৰতীয় নাটৰ বাটকটীয়া। এই সকলোবোৰ কাম মধ্য অসমৰ বৰদোৱাৰ পৰাই আৰম্ভ হৈছিল"বুলি মন্তব্য প্ৰকাশ কৰে। 

অনুষ্ঠানটিত ড° অমলেন্দু চক্ৰৱৰ্তী, অধ্যাপিকা নন্দিতা শইকীয়া, সত্য ৰঞ্জন বৰাকে ধৰি কেইবাজনো পণ্ডিত আৰু সমাজকৰ্মীয়ে কেইবাখনো গ্ৰন্থ উন্মোচন কৰে। উন্মোচনী অনুষ্ঠানত ড০ কৰবী দেবী, ড০ সঙ্গীতা বৰা, ড০ ধনঞ্জয় কুশ্ৰে, ড০ বৰ্ণালী খাউণ্ড, ড০ বিমান হাজৰিকা আদি কেইবাজনো শিক্ষাবিদ, ৰঞ্জিত মহন্ত প্ৰমুখ্যে কেইবাজনো শিল্পী আদি উপস্থিত থাকে।

বটদ্ৰৱা