/asomiyapratidin/media/media_files/2026/02/02/modelschool-2026-02-02-14-23-43.jpeg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয় (Model School) ৰ নৱনিৰ্মিত মূলহৰ দেওবাৰে দ্বাৰ উন্মোচন কৰা হয়। অসম চৰকাৰৰ "গ্ৰামীণ আন্তঃগাঁথনি উন্নীতকৰণ আঁচনি"ৰ অধীনত আটকধুনীয়াকৈ নিৰ্মাণ কৰা বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয় (Model School) ত ১৩ টা শ্ৰেণীকোঠা, এটা স্মাৰ্ট ক্লাছ, এটা পুথিভঁৰাল, পাঁচ টা গৱেষণাগাৰ, শিক্ষক শিক্ষয়িত্ৰীৰ জিৰনীকোঠা(শৌচালয় সংলগ্ন), এটা অধ্যক্ষৰ কোঠা(শৌচালয় সংলগ্ন), এটা উপাধ্যক্ষৰ কোঠা(শৌচালয় সংলগ্ন), এটা কাৰ্যালয় কোঠা, চাৰিটা ছোৱালীৰ শৌচালয়, চাৰিটা লৰাৰ শৌচালয়, এটা বিশেষভাৱে সক্ষম সকলৰ শৌচালয় সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে।
উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিৰ্মান সম্পূৰ্ণ হোৱা ৬৭ খন বিদ্যালয়ৰ ভাৰ্চুৱেল মুকলি কৰে। আৰ আই ডি এফ(RIDF 29) প্ৰকল্পৰ অধীনত ত্ৰিবেনী কনষ্ট্ৰাকছনৰ তত্বাৱধানত নিৰ্মাণ হোৱা এই নৱনিৰ্মিত আটকধুনীয়া গৃহৰ দ্বাৰ উন্মোচনৰ পূৰ্বে শ্বহীদ স্মাৰকত বন্তি প্ৰজ্বলন কৰাৰ লগতে বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱোজ্জ্বল মহাৰজত জয়ন্তী বৰ্ষৰ স্মৃতি বহনকাৰী নৱনিৰ্মিত স্মৃতিসৌধত বন্তি প্ৰজ্বলন কৰা হয়।
তাৰপাছত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰি নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি "প্ৰগতিৰ পথত আপোনালোক মূল স্তম্ভ। এই নৱনিৰ্মিত গৃহত পঢ়া শুনা কৰি গৌৰৱবোধ কৰিব। আপোনালোকে ভবিষ্যতৰ সফল নাগৰিক হিচাপে জীৱন যাত্ৰাত একাগ্ৰতাৰে আগবঢ়ি যাৱক। ডাঙৰ ডাঙৰ সপোন দেখিবা, সপোন দেখাটো ভুল নহয়।" বুলি বক্তব্য আগবঢ়ায়।
খাগৰিজান আঞ্চলিক পঞ্চায়তৰ সভাপতি ৰাণা বৰাই "মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব সহকাৰে শৈক্ষিক দিশত যি কাৰ্য্যপন্থা হাতত লৈছে, তাৰ ফলত শিক্ষা ক্ষেত্ৰখনত অভুতপূৰ্ব পৰিবতৰ্ন পৰিলক্ষিত হৈছে, ইয়াৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ জীৱন যাত্ৰাত সফলতা লাভ কৰিব।" বুলি প্ৰকাশ কৰে।
ইফালে, গায়ন-বায়নৰ মংগল ধ্বনিৰে ফিটা কাটি বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত মূল গৃহৰ দ্বাৰ উন্মোচন কৰা হয়। শিক্ষক গুণমনি কলিতাই আঁত ধৰা গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটিত শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত, বটদ্ৰৱা থানৰ নামলগোৱা শিল্পী পেঞ্চনাৰ ডম্বৰুধৰ গায়ন, বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি উপেন কলিতা বায়ন, অধ্যক্ষা হিৰামনি বৰুৱাকে আদি কৰি শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক-অভিভাবিকা, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, অতিথিসহ পাঁচ শতাধিক লোক উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us