/asomiyapratidin/media/media_files/2026/01/16/new-ap-web-7-1-2026-01-16-20-31-36.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা: গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা শ্ৰীশ্ৰীশংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱোজ্জ্বল ৭৫ বছৰীয়া ঐতিহ্য সোঁৱৰি আজিৰে পৰা বৰ্নাঢ্য কাৰ্যসূচীৰে আৰম্ভ হয় মহাৰজত জয়ন্তী মহোৎসৱ। এই উৎসৱত উপস্থিত থাকে বিধায়ক ৰূপক শৰ্মা।
"গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱাত আজিৰ পৰা ৭৫ বছৰ পূৰ্বে অঞ্চলৰ কেইবাগৰাকীমান মহীৰূহৰ প্ৰচেষ্টাত শিক্ষাৰ বীজ ৰোপণ কৰা হৈছিল। আজি সেই ফুলে জাতিষ্কাৰ হৈ পৰিছে তেৰাৰ নামেৰে প্ৰতিষ্ঠা লাভ কৰা বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনিয়ে।"- এই মন্তব্য বিধায়ক ৰূপক শৰ্মাৰ।
বিধায়ক তথা মহাৰজত জয়ন্তী মহোৎসৱ উদযাপন সমিতিৰ সভাপতি ৰূপক শৰ্মাই পুৱা বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ স্মৃতি বহনকাৰী নৱনিৰ্মিত স্মৃতিসৌধ উন্মোচন কৰে। বন্তি প্ৰজ্বলন কৰে বটদ্ৰৱা শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত আৰু নৰোৱা সত্রৰ সত্ৰাধিকাৰ অম্লান জ্যোতি দেৱ গোস্বামীয়ে।
শ্বহীদ তৰ্পণ কৰে মহাৰজত জয়ন্তী মহোৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি উপেন চন্দ্র কলিতাই। ১ বজাত বজাত বিদ্যালয়ৰ প্ৰয়াত প্ৰতিষ্ঠাপক, দাতা, শিক্ষাগুৰু, কৰ্মচাৰী, শিক্ষাৰ্থী সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। দুপৰীয়া বিধায়ক গৰাকীয়ে মূল পতাকা উত্তোলন কৰাৰ লগে লগে বিশিষ্ট ব্যক্তি, ভূমিদাতা, প্ৰাক্তন শিক্ষাগুৰু, কৰ্মচাৰীসকলৰ দ্বাৰা ৭৫ খন পতাকা উত্তোলন কৰা হয় ।
ইয়াৰ পিছতে প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন, ভেলাঘৰৰ আৰ্হিত নিৰ্মিত অস্থায়ী নামঘৰত আসন প্ৰতিষ্ঠা, লগে লগে নামপ্ৰসংগ আৰু প্ৰসাদ বিতৰণ কৰা হয়। বিয়লি ৩ বজাৰ পৰা সদৌ অসম ভিত্তিত বিদ্যালয় পৰ্য্যায়ৰ চিত্ৰাংকন প্ৰতিযোগিতা, পিঠা পনা প্ৰতিযোগিতা আৰু সদৌ অসম ভিত্তিত বিদ্যালয় পৰ্য্যায়ৰ কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়।
সদৌ অসম ভিত্তিক বিদ্যালয় পর্যায়ৰ চিত্রাংকন প্ৰতিযোগিতা উন্মোচন কৰে জুৰীয়া মহাবিদ্যালয়ৰ অধ্যাপিকা ড° প্রাঞ্জমণি শইকীয়াই, পৰিচালনা কৰে বটদ্ৰৱা চিত্রকলা বিদ্যালয়ৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি শৰ্ম্মা বৰুৱাই। ইফালে, পিঠা-পনা প্রতিযোগিতা উদ্বোধন কৰে বটদ্ৰৱা শ্রীশ্রীশঙ্কৰদেৱ মহাবিদ্যালয়ৰ অধ্যাপিকা ড° প্রাঞ্জলী মহন্তই আৰু বিচাৰকৰ আসন অলংকৃত কৰে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী সুমিত্রা খাটনিয়াৰ, মৃণালিনী বৰুৱাই।
তাৰপাছত সদৌ অসম ভিত্তিক বিদ্যালয় পর্যায়ৰ কুইজ প্রতিযোগিতা উদ্বোধন কৰে জুৰীয়া মহাবিদ্যালয়ৰ অধ্যাপিকা গার্গী বৰকটকীয়ে। প্রাক্তন শিক্ষক, জেষ্ঠ সাংবাদিক দিব্যজ্যোতি বৰুৱাই পৰিচালনা কৰা কুইজ প্ৰতিযোগিতাখনিৰ পাছতে
বিদ্যালয়ৰ ছাত্র-ছাত্রী, শিক্ষক-শিক্ষয়িত্রী, কৰ্মচাৰীসকলৰ দ্বাৰা বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে বিদ্যালয়ৰ অধ্যক্ষা হীৰামণি বৰুৱাই।
সন্ধ্যা ৫ বজাত বিদ্যালয় প্রাঙ্গনত সমূহীয়া বস্তি প্রজ্জ্বলন কৰা হয়। ৯ বজাত মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱ বিৰচিত অঙ্কীয়া ভাওনা 'ৰুক্মিণী হৰণ' ভাওনা পৰিবেশন কৰা হ’য়। আনহাতে অহাকাইলৈ ১৭ জানুৱাৰীত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন অনুষ্ঠিত হ’ব আৰু ১৮ জানুৱাৰী, ৰবিবাৰে দিনৰ ২.০০ বজাত মুকলি সভা অনুষ্ঠিত হ’ব আৰু সন্ধ্যা ৮.০০ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠানত জনপ্রিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই গীতৰ শৰাই আগবঢ়াব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us