/asomiyapratidin/media/media_files/2025/08/24/sddse-2025-08-24-09-40-06.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ চিন্তা-দৰ্শন আৰু অসম তথা অসমীয়াৰ জাতীয় জীৱনৰ স্বকীয় বৈশিষ্ট্যপূৰ্ণ অনন্য সমল সমূহ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ আৰু প্ৰসাৰ কৰা সংকল্পৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত "কুটুম্ব সুৰক্ষা পৰিষদৰ সূত্ৰধাৰ ২০২৫" শীৰ্ষক ৰাষ্ট্ৰীয় শৈক্ষিক আৰু সাংস্কৃতিক সন্মিলন আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হব।
কুটুম্ব সুৰক্ষা পৰিষদৰ উদ্যোগত ২০২২ চনৰ পৰা অনুষ্ঠিত হৈ আহিছে এই কাৰ্যসূচী। "সূত্ৰধাৰ" শীৰ্ষক এই কাৰ্যসূচী ২০২২ চনত উত্তৰ প্ৰদেশৰ শ্ৰী ধাম বৃন্দাবনত, ২০২৩ চনত মধ্য প্ৰদেশৰ উজ্জয়িনীত আৰু বিগত বৰ্ষৰ ছেপ্তেম্বৰ মাহত ৰামচন্দ্ৰৰ জন্মভূমি অযোধ্যাত অনুষ্ঠিত হৈছিল। দেশৰ ৩০ খন বিশ্ববিদ্যালয়ৰ অংশগ্ৰহণেৰে শতাধিক অধ্যাপক-অধ্যাপিকা, গৱেষক, ছাত্ৰ ছাত্ৰীৰ লগতে শিল্পী আৰু সাধু সন্ত মহন্ত সমাবেশত অনুষ্ঠিত হবলগীয়া এই বিশাল কাৰ্যক্ৰমনিকা অহা ৫, ৬ আৰু ৭ ছেপ্তেম্বৰত অনুষ্ঠিত হব।
এই সমাৰোহৰ প্ৰস্তুতি সন্দৰ্ভত শনিবাৰে বটদ্ৰৱা থানত এখনি সংবাদমেল অনুষ্ঠিত হয়। সংবাদমেলত কুটুম্ব সুৰক্ষা পৰিষদ"ৰ ২০২৫ বৰ্ষৰ বঁটা, উপাধি আৰু সন্মান সমূহো ঘোষণা কৰা হয়। বটদ্ৰৱা থান প্ৰাঙ্গনত আয়োজন হ'বলগীয়া চতুৰ্থ বাৰ্ষিক "সূত্ৰধাৰ" শীৰ্ষক "ৰাষ্ট্ৰীয় শৈক্ষিক আৰু আধ্যাত্মিক-সাংস্কৃতিক সন্মিলন"ৰ উদ্বোধনী সত্ৰত নিজ নিজ কৰ্ম আৰু গুণ-গৰিমাৰ দ্বাৰা সমাজত প্ৰতিষ্ঠিত বিশিষ্ট ব্যক্তি সমূহক তেখেতলোকৰ সমাজ গঠনৰ প্ৰতি থকা বৰঙনি আৰু সেৱাৰ হেতু কৃতজ্ঞতাৰ চিহ্ন স্বৰূপে এই আদৰ-শ্ৰদ্ধা আৰু সেৱা জ্ঞাপন কৰা হ'ব।
ইফালে, গো-সুৰক্ষাৰ দৰে সময়োপযোগী সনাতন সিদ্ধান্তৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক "সনাতন সূৰ্য বঁটা" প্ৰদান কৰা হ'ব। এই সন্মান মুখ্যমন্ত্ৰীক ৰাষ্ট্ৰীয় সন্মিলনখনিৰ তৃতীয় তথা শেষৰ দিনা ৭ ছেপ্তেম্বৰৰ দিনা হ'বলগীয়া "সাধু-সন্ত-মহন্ত সন্মিলন"ত প্ৰদান কৰা হব। লগকে ড০ নগেন শইকীয়াক মহীৰূহ সন্মান প্ৰদান কৰা হব বুলি জানিব দিয়ে কাৰ্যকৰ্তাই।