/asomiyapratidin/media/media_files/2026/01/31/batadrawawawwa-2026-01-31-16-44-49.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ নৱনিৰ্মিত বটদ্ৰৱা প্ৰকল্প তথা শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ দৰ্শনাৰ্থীৰ দৰ্শনৰ বাবে দেওবাৰে মুকলি কৰা হ'ব। শনিবাৰে এক জাননীযোগে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এই কথা ঘোষণা কৰে।
বটদ্ৰৱা প্ৰকল্প দৰ্শনৰ ক্ষেত্রত দর্শনার্থীসকলক মানি চলিবলগীয়া নিয়মসমূহো জাননীখনৰ জৰিয়তে জনোৱা হৈছে। শ্ৰীশ্ৰী বটদ্ৰৱা থানলৈ অহা ভকত-বৈষ্ণৱ, বাপ-বান্ধৱ, আই-মাতৃ আৰু পৰিয়ালবৰ্গক শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ দৰ্শনৰ বাবে দেওবাৰৰ পৰা সুবিধা প্ৰদান কৰা হৈছে। দৰ্শনৰ সময়: পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬ বজা পর্যন্ত।
জাননীখনত উল্লেখ কৰা হৈছে যে, সকলো ধৰণৰ বাহনৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ। কোনো ধৰণৰ খাদ্য সামগ্রী নিয়াৰ অনুমতি নাথাকিব। ধূমপান, মাদক দ্রব্য, তামোল পান, পান মচলা, গুটখা আদি ব্যৱহাৰত সম্পূৰ্ণৰূপে বাধা থাকিব। পৰম্পৰাগত সাজপাৰ পৰিধান কৰাসকলক প্ৰৱেশত অগ্রাধিকাৰ দিয়া হ'ব।
লগতে দর্শনার্থীসকলে নিজৰ সামগ্ৰী নিজৰ দায়িত্বত ৰাখিব লাগিব। দৰ্শনাৰ্থীৰ সামগ্ৰী হেৰালে কর্তৃপক্ষ দায়ী নহ'ব। দর্শনার্থীসকলে নিয়ম শৃংখলা বৰ্তাই ৰাখি নিৰ্দিষ্ট কৰা প্ৰৱেশদ্বাৰেদি শাৰী পাতি প্ৰৱেশ কৰিব লাগিব। নিৰাপত্তাৰক্ষীৰ প্রতি সম্পূর্ণ সহযোগিতা আগবঢ়াবলৈ দর্শনার্থীসকলক অনুৰোধ জনোৱা হ'ল।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/31/noticebatadrawaaaaaaaaaa-2026-01-31-16-45-13.jpeg)
তদুপৰি আৱর্জনা পেলোৱা সম্পূর্ণ নিষিদ্ধ। আৱর্জনা পেলাবলৈ নির্দিষ্ট ঠাইত ডাষ্টবিন ব্যৱহাৰ কৰিব পাৰিব। আৱৰ্জনা য’তে-ত’তে পেলালে বিহিত ব্যৱস্থা গ্রহণ কৰা হ'ব। নীৰৱতা, শালীনতা আৰু শৃংখলা বজাই ৰাখিব লাগিব। প্রাঙ্গণৰ কোনো সম্পত্তি ক্ষতিগ্রস্ত কৰিলে দণ্ডনীয় ব্যৱস্থা লোৱা হ'ব।
জাননীযোগে জনোৱা হৈছে যে- আবিৰ্ভাৱ প্রাঙ্গণৰ ভিতৰত উচ্চস্বৰে কথা-বতৰা, হুলস্থুল, অথবা অশালীন আচৰণ নিষিদ্ধ। থুই বা পিক পেলোৱা সম্পূৰ্ণৰূপে নিষিদ্ধ। ফুল, গছ-গছনি আদি ছিঙা সম্পূৰ্ণৰূপে নিষিদ্ধ। প্রাঙ্গণৰ ভিতৰত থকা নিৰ্ধাৰিত শৌচাগাৰহে ব্যৱহাৰ কৰিব লাগিব। কোনো ধর্মীয় বিশ্বাসৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য বা আচৰণ নিষিদ্ধ। বিদ্রূপ, উপহাস, অশালীন ভাষা বা অসন্মানজনক আচৰণ সহ্য কৰা নহ'ব।
পৰিবেশ বিঘ্নিত কৰা কোনো কাৰ্য বা আচৰণ কঠোৰভাৱে নিষিদ্ধ কৰাৰ লগতে কিছুক্ষেত্ৰত জৰিমনা নিৰ্ধাৰণ কৰা হৈছে। শ্রীমন্ত শংকৰদেৱ আবির্ভাৱ ক্ষেত্র চৌহদত আবর্জনা পেলালে ১,০০০ টকা, ফুল, গছ-গছনি ছিঙিলে বা ক্ষতি কৰিলে ১,০০০ টকা, নিৰ্ধাৰিত শৌচাগাৰ ব্যৱহাৰ নকৰি অন্য ঠাইত অশুচি কাৰ্য কৰিলে ১,০০০ চকা, কোনো ধৰণে ধর্মীয় অনুভূতিত আঘাত হানে এনে বাক্য, আচৰণ বা কাৰ্য কৰিলে ১,০০০ টকা, ধূমপান, মাদক দ্রব্য, তামোল পান, পান মচলা, গুটখা আদি ব্যৱহাৰত ৫,০০০ টকা জৰিমনা নিৰ্ধাৰণ কৰা হৈছে।
শ্রীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰৰ পৰিচালনা সমিতিৰ নিৰ্দেশনা মানি চলিব লাগিব। পৰিচালনা সমিতিৰ নির্দেশ অমান্য কৰিলে তৎক্ষণাত ব্যৱস্থা গ্রহণ কৰা হ'ব। বুলি নগাঁও জিলা আযুক্ত কাৰ্যালয়ৰ পৰা প্ৰকাশ পাইছে। উল্লেখ্য যে, ২০২৫ বৰ্ষৰ ২৯ ডিচেম্বৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান পূণ্যভূমি বটদ্রৱা থানত নতুন ইতিহাস সৃষ্টি কৰি মুকলি কৰা হৈছিল বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প তথা শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিছিল বহু প্ৰত্যাশিত এই প্ৰকল্প। দবা, নেগেৰা, শংখ, কালি, খোল তাল, আয়তীৰ মংগল উৰুলিৰ ধ্বনিৰ মাজেৰে ঐতিহাসিক ক্ষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক লগত লৈ মুকলি কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us