/asomiyapratidin/media/media_files/2026/03/04/batadrawwawwaaaa-2026-03-04-16-31-20.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্রৱা ধামত পৰম্পৰাগত ৰীতি-নীতিৰে চলি থকা দৌল উৎসৱৰ বুধবাৰৰ কাৰ্যসূচীৰ তৃতীয় দিনা থানৰ নিত্য-নৈমিত্তিক চৈধ্য প্রসঙ্গৰ উপৰিও গোসাঁই ফুৰোৱা উৎসৱ উদযাপন কৰা হয়।
বিয়লি গায়ন-বায়নে গুৰুঘাট, চাহিনী, ধেমালি গাই, গীত গাই গাই চোঁৱৰেৰে বা দি দি ভকত-বৈষ্ণৱে সিংহাসনত বহুৱাই বংশী গোপাল গোসাঁইক কান্ধত লৈ ৰভাতলৰ পৰা উলিয়াই ধুলীয়া, কালিয়া, ছত্ৰ, দণ্ড, চক্ৰ, ভেৰু, কালি, সো-মুখ, শংখৰ ধ্বনি, আইসকলৰ জাউৰিয়ে জাউৰিয়ে বিয়া নাম, আয়তী-নামতী আদি বিভিন্ন জনগোষ্ঠীৰ বৰ্নাঢ্য দৃষ্টিনন্দন সাংস্কৃতিক সমন্বয়ৰ সমাহাৰেৰে ফাকুৰ গুড়ি সিঁচি সিঁচি দৌললৈ যাত্রা কৰে।
দৌল মন্দিৰত গোসাঁইক পূজা-অৰ্চনা দি সাত পাক পদক্ষিণ কৰোৱাৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা সমবেত হোৱা শত সহস্ৰ ভকত বৈষ্ণৱে ফাকু খেলি হৰি নামৰ অমৃত ৰসৰ মাজেৰে ৰং ধেমালি কৰি নৃত্য-গীতত বিলিন হৈ এক আধ্যাত্মিক পৰিবেশৰ সূচনা কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us