বটদ্ৰৱাত সমুখ সমৰত কংগ্ৰেছ-বিজেপিঃ জিন্দাবাদ-মুৰ্দাবাদ ধ্বনিৰে উত্তাল পৰিৱেশ

আজি কংগ্ৰেছ দলে  নগাঁওৰ পৰা বটদ্ৰৱালৈ ৰূপায়ণ কৰা ‘সময় পৰিৱৰ্তনৰ’ যাত্ৰা কাৰ্যসূচী। পিছে এই কাৰ্যসূচীৰ মাজতে বটদ্ৰৱাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি।

author-image
Asomiya Pratidin
New Update
yrtweqs

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ আজি কংগ্ৰেছ দলে  নগাঁওৰ পৰা বটদ্ৰৱালৈ ৰূপায়ণ কৰা ‘সময় পৰিৱৰ্তনৰ’ যাত্ৰা কাৰ্যসূচী। পিছে এই কাৰ্যসূচীৰ মাজতে বটদ্ৰৱাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। যাত্ৰাৰ মাজতে কংগ্ৰেছ দলৰ নেতা-কৰ্মী সকলে বটদ্ৰৱা থানত সেৱা ল’বলৈ উপস্থিত হোৱাৰ প্ৰাকমুহূৰ্তত এক অবাঞ্চিত পৰিৱেশৰ সূচনা হয়।

এই কাৰ্যসূচীত কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিং, মনোজ চৌহান, ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ, প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰা, দেৱব্ৰত শইকীয়া, ৰিপুণ বৰা, দুৰ্লভ চমুৱা আদি শীৰ্ষ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে। বটদ্ৰৱাত উপস্থিত হৈ কংগ্ৰেছ নেতাসকলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰে। তাৰমাজতে সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ।

ইফালে, বটদ্ৰৱা থানত সেৱা গ্ৰহণ কৰি প্ৰস্থান কৰাৰ সময়ত পুনৰ উত্তেজনা বৃদ্ধি পায়। বিজেপি কৰ্মীয়ে কংগ্ৰেছ সভাপতি গৌৰৱ গগৈক লক্ষ্য কৰি ‘বাংলাদেশী মিঞাৰ দালাল’ আৰু ‘পাকিস্তানৰ এজেণ্ট’ আখ্যা দি শ্লোগান দিয়ে। ইয়াকে কেন্দ্ৰ কৰি দুয়ো দলৰ কৰ্মীৰ মাজত হতাহতিৰ সৃষ্টি হয়।

আনহাতে, প্ৰতিবাদকাৰী সকলক বুজাবলৈ প্ৰদেশ কংগ্ৰেছ প্ৰাক্তন সভাপতি ভূপেন বৰাই চেষ্টা চলালেও পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰি স্থান ত্যাগ কৰে বুলি জানিব পৰা গৈছে। বটদ্ৰৱা থানৰ পৰা উভতি যোৱাৰ পথতো কংগ্ৰেছ দলক বাধা দি পুনৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয়। 

এই ঘটনাক লৈ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে অভিযোগ উত্থাপন কৰি কয় যে, “বিজেপিয়ে গুৰুজনাক লৈ ৰাজনীতি কৰিছে।  এই সকলো কথা ওপৰৰ পৰা নেপায়-নদেখাজনে দেখি আছে” বুলি উল্লেখ কৰে। সাংসদগৰাকীয়ে লগতে অভিযোগ কৰে যে, কংগ্ৰেছ দল বটদ্ৰৱাত উপস্থিত হোৱাৰ পূৰ্বে একাংশ লোকে বটদ্ৰৱা থানৰ কাৰ্যালয়ৰ দুৱাৰ বন্ধ কৰিবলৈও হেঁচা প্ৰয়োগ কৰিছিল।ইফালে, এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত ৰাজনৈতিক উত্তেজনা অব্যাহত আছে।

বটদ্ৰৱা