/asomiyapratidin/media/media_files/2026/01/26/1-2026-01-26-15-28-51.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ আজি ৭৭ সংখ্যক গণৰাজ্য দিৱস। ৰাজ্যৰ ভিন্ন প্ৰান্তত ভিন্ন কাৰ্য্যসূচীৰে গণৰাজ্য দিৱস পালন কৰিছে। ইয়াৰ সমান্তৰালকৈ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ উদ্যোগত ৭৭সংখ্যক গণ্যৰাজ্য দিৱস উদযাপন কৰা হয়। পুৱা জাতীয় পতাকা উত্তোলন কৰে বটদ্ৰৱা থানা পৰ্যায়ৰ নাগৰিক সমিতিৰ সভাপতি ভাস্কৰ জ্যোতি বৰাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/26/whatsapp-image-2026-2026-01-26-15-29-14.jpeg)
বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱজ্যোতি মহন্তই আঁত ধৰা অনুষ্ঠানটি বটদ্ৰৱা গাঁওৰক্ষী বাহিনীৰ থানা সমিতিৰ সভাপতি ইন্দ্ৰমোহন বৰুৱাই ভাষণ প্ৰদান কৰি গণৰাজ্য দিৱসৰ তাৎপৰ্য্য ব্যখ্যা কৰে। গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কাৰ্যসূচীত থানাৰ নিকটতম বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলেও অংশ গ্ৰহণ কৰে। ইয়াৰ পাছত বটদ্ৰৱা অঞ্চলৰ ৭৭ বছৰ উৰ্ধৰ ২৬ গৰাকী জেষ্ঠ নাগৰিকৰ ঘৰে ঘৰে গৈ গামোছাৰে সম্বৰ্ধনা জনোৱাৰ লগতে ফলমূল প্ৰদান কৰে।ইফালে ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ শুভ দিনত জেষ্ঠ নাগৰিক সকলৰ কাষত বটদ্ৰৱা আৰক্ষী থানাৰ বিষয়ববীয়া, কৰ্মকৰ্তা সকল উপস্থিত হোৱাত আবেগিক হোৱাৰ লগতে তেওঁ হিয়া উজাৰি আশীৰ্বাদ প্ৰদান কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/26/whatsapp-image-2026-01-26-15-29-36.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us