/asomiyapratidin/media/media_files/2026/02/24/whatsapp-image-202-2026-02-24-09-41-43.jpeg)
ডিজিটেল সংবাদ,বটদ্রৱাঃ ঋতুৰাজ বসন্তৰ আগমন ঘটাৰ লগে লগে প্রকৃতিয়ে যেন নতুন ৰূপ ধাৰন কৰে। বসন্তৰ কালত পালন কৰা উৎসৱ সমূহৰ ভিতৰত দৌল যাত্রা উৎসৱ অন্যতম। জগত গুৰু শ্রী শংকৰদেৱে বটদ্রৱাত পোন প্রথম বাৰৰ বাবে দৌল উৎসৱ পাতিছিল। সেই ঐতিহ্যক সৰোগত কৰি মহা আড়ম্বৰপূৰ্ণ ভাবে প্রতি বছৰে দৌল উৎসৱ বা ফাকুৱা ফাল্গু পূৰ্নিমা তিথিত পালন কৰা হয়।
এই বছৰো ২ মাৰ্চৰ পৰা ৬ মাৰ্চলৈ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল উৎসৱ পালন কৰা বাবে যুদ্ধকালীন গতিৰে প্রস্তুতি চলিছে। ইতিমধ্যে শ্রীশ্রী বটদ্রৱা থান পৰিচালনা সমিতিৰ তত্বাৱধানত উৎসৱ নিয়াৰিকৈ পালন কৰিবৰ বাবে কেইবাখনো উপ সমিতি গঠন কৰা হৈছে। শ্রীশ্রী বটদ্রৱা থান চৌহদত প্রায় ১০ লক্ষাধিক ৰ্তীথ যাত্রীক আদৰণি জনোৱাৰ বাবে পানী, বিজুলী, চিকিৎসা, খাদ্য আদি সকলোবোৰ সুবিধাৰ বাবে উপ সমিতি সমূহে খৰতকীয়া গতিত কাম কৰি আছে আৰু সাংস্কৃতিক, ধৰ্মীয়, পৰম্পৰাগত কাৰ্যসূচী সমূহ সৰ্বাংগসুন্দৰ কৰি তুলিবলৈ অপ্ৰান চেষ্টা অব্যাহত ৰাখিছে।
/asomiyapratidin/media/post_attachments/69ed2c37-1c3.png)
অহা ২ ৰ্মাচত গন্ধোৎসৱৰ সন্ধ্যা গোসাঁইক গায়ন বায়ন আৰু ভক্তসবে গাই বাই থানৰ ৰভাতলত স্থাপন কৰা হৱ। স্নান কাৰ্য সম্পাদনৰ পাছত গন্ধ তেলেৰে নোৱাই গোসাঁইক নতু্ন বস্ত্র পিন্ধোৱা হ'ব আৰু গায়ন বায়নে ‘ৰাম ধেমালী’পৰিৱেশন কৰিব। ইয়াৰ পাছদিনা অথাৎ ৩ ৰ্মাচ ‘গোসাঁই শিৰত ফাকু দিয়া উৎসৱ’ৰ দিনা দিনৰ ২ বজাত গোসাঁইক নোৱাই ধোৱাই আসনত বহুৱাই সুবাসিত ফাকু দিয়া হ'ব আৰু গায়ন বায়নে ‘ন-ধেমালী’ পৰিৱেশন কৰিব আৰু ভক্ত বৈষ্ণৱ সকলে ফাকু ৰ্নিমালী আৰু পদজল গ্রহন কৰিব। সেই উৰে নিশা গোসাঁইক ৰভাতলত ৰাখি ৰাজ্য খনৰ ভিন্ন প্রন্তৰ পৰা অহা ভক্ত বৈষ্ণৱে নাম কীৰ্তন কৰিব।
৪ ৰ্মাচৰ দিনা গোসাঁই ফুৰোৱা উৎসৱ। সেই দিনা ২ বজাত গায়ন বায়ন, ভকত-বৈষ্ণৱ, আই-মাতৃ সকলোৱে কৃষ্ণ গোসাঁইক ৰভাতলৰ পৰা উলিয়াই সুসজ্জিত দোলা ৰথত উঠাই দণ্ড, চক্র, ভেৰু, কালি, সো-মুখ শংঙ্খৰ ধ্বনি, আই সকলৰ জাউৰিয়ে জাউৰিয়ে বিয়া নামৰ লগত বৈচিত্রময় অসমীয়া জাতীয় জীৱনৰ বৰ্নিল সমাহাৰেৰে ফাকুৰ গুৰি সিচি সিচি চোঁৱৰ ধাৰীয়ে চোঁৱৰ বা দি দি দৌললে যাত্রা কৰিব। দৌল মন্দিৰত গোসাঁইক পূজা অৰ্চনা দি সাত পাক পদক্ষিন কৰোৱাৰ পাছত পাছত গোসাঁইক বৰদোৱাৰ দুই সত্ৰ ক্ৰমে শ্ৰীশ্ৰী শলগুৰি আৰু শ্ৰীশ্ৰী নৰোৱা সত্ৰত পদক্ষিন কৰোৱাই লগতে সত্ৰাধিকাৰ, ডেকা সত্ৰাধিকাৰৰ ঘৰত প্ৰবেশ কৰোৱাই পূজা অৰ্চনা দি শেষত নিশা ৮ বজাত এটা বিশেষ অনুষ্ঠানৰ দ্বাৰা কীৰ্তন ঘৰত প্ৰবেশ কৰোৱা পাছতে দৌল যাত্রা উৎসৱৰ ধৰ্মীয় কাৰ্যসূচীৰ অন্ত পৰিব।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/24/whatsapp-image-2026-02-24-09-42-50.jpeg)
আনহাতে দৌল যাত্রা উৎসৱৰ লগত সংগতি ৰাখি ৩, ৪ আৰু ৫ ৰ্মাচৰ নিশা আকাশী গংগাৰ পাৰৰ প্রেক্ষাগৃহত সংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। ৩ ৰ্মাচৰ সংস্কৃতিক অনুষ্ঠান উদ্ধোধন কৰিবৰ বাবে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ অশোক কুমাৰ বৰাৰ লগতে একশৰণ ভাগৱতী সমাজৰ প্ৰধান সচিব জ্যোতি প্ৰসাদ দাস বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানৰ আৰম্ভণিতে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ দ্বাৰা দৌলযাত্ৰা মহোৎসৱ উপলক্ষে প্ৰকাশ হবলগিয়া "দৌল" শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন কৰিব বিশিষ্ট সাংবাদিক, লিখক হৃষিকেশ গোস্বামী।
৪ ৰ্মাচৰ সত্রীয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকিব মন্ত্ৰী কেশৱ মহন্ত, পীযুষ হাজৰিকা, বিধায়ক ৰূপক শর্মা, দীপু ৰঞ্জন শৰ্মা, জিতু গোস্বামী, শশীকান্ত দাস, ৰমাকান্ত দেউৰী, নগাঁও জিলা আয়ুক্ত দেৱাশীষ শর্মা, জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা। ৫ ৰ্মাচৰ সত্রীয়া সংস্কৃতিক অনুষ্ঠান উদ্ধোধন কৰিব মাজুলী শ্রীশ্রীউত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনার্দন দেৱগোস্বামী, আৰু বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰিব শ্ৰীশ্ৰী নৰোৱা কুজি সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দ দেৱ গোস্বামী। তিনিও নিশাতে ৰাজ্য খনৰ ভিন্ন প্রান্তৰ পৰা আমন্ত্রিত ভাওনা, সত্রীয়া নৃত্য, লোক নৃত্য, লোক সংগীত, বৰগীত, শাস্ত্ৰীয় নৃত্য, ভাওনা আদিৰ উপৰিও বটদ্ৰৱাৰ মৌলিক তথা পৰম্পৰাগত বৰগীত, ফাকুৱাৰ গীত আৰু গায়ন বায়নৰ অনুষ্ঠানেৰে মুখৰিত হ'ব বুলি বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি অম্লান জ্যোতি দেৱ গোস্বামী আৰু সাধাৰণ সম্পাদক লাচিত বৰদলৈ জনাইছে। পৰিচালনা সমিতিয়ে দৌল মহোৎসৱৰ কাৰ্য্যসূচী উন্মোচন কৰাৰ পাছত অনুষ্ঠিত এক সংবাদমেলত ৰাজ্যৰ সমূহ ভক্ত বৈষ্ণৱক নিমন্ত্ৰণ জনাইছে। অনুষ্ঠানটিত পৰিচালনা সমিতিৰ কোষাধ্যক্ষ বদন কলিতা, সদস্য গুণমনি কলিতা, নিপুমনি দেৱগোস্বামীকে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।
উল্লেখ্য যে,সংবাদমেলত উপস্থিত হৈ নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই মন্তব্য প্ৰকাশ কৰে যে- "আধ্যাত্মিক, সাংস্কৃতিক, ঐতিহ্যৰ ত্ৰিবেনী সংগমস্থলী হ'ব বটদ্ৰৱা থানৰ দৌল যাত্ৰা মহোৎসৱ। সকলো ভকত বৈষ্ণৱ আহক, গুৰুজনাৰ বাৰ্তা নিজ চকুৰে চাই পৰম তৃপ্তিৰে লৈ কৃষ্ণভক্তিত বিলীন হওঁক।" লগতে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া শ্ৰীশ্ৰীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱৰ কাৰ্য্যসূচী উন্মোচন অনুষ্ঠানত উপস্থিত থাকি তেওঁ বটদ্ৰৱা থান দৰ্শনৰ লগতে নৱনিৰ্মিত শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰলৈ শৃংখলিত তথা গুৰুজনাৰ মৰ্যদা ৰক্ষা কৰি আহিবলৈ আহ্বান জনাই। কোনো ব্যক্তি বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰলৈ বিনোদনৰ বাবে আহিব নালাগে বুলি প্ৰকাশ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us