/asomiyapratidin/media/media_files/2026/02/21/new-ap-w-2026-02-21-21-07-41.jpeg)
ডিজিটেল সংবাদ,বটদ্ৰৱাঃ আজি আন্তৰ্জাতিক মাতৃভাষা দিৱস। প্ৰতিবছৰে ২১ ফেব্ৰুৱাৰী দিনটো ৰাজ্যবাসীয়ে আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাবে পালন কৰি আহিছে। ভাৰতীয় শিক্ষণ মণ্ডল,নগাঁও জিলা শাখাৰ উদ্যোগত আৰু বটদ্ৰৱাৰ শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ অসমীয়া বিভাগ আৰু আভ্যন্তৰীণ মান নির্ণায়ক কোষৰ সহযোগত আন্তৰ্জাতিক মাতৃভাষা দিৱস আৰু ভাৰতীয় দাৰ্শনিক অনুসন্ধান পৰিষদ আইচিপিআৰৰ তত্বাৱধানত সাময়িক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয়। বটদ্ৰৱাৰ শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত অনুষ্ঠানটিৰ আৰম্ভণি ভাষণ প্ৰদান কৰি অধ্যক্ষা ড০ নমিতা কলিতাই "মাতৃভাষা দিৱসৰ তাৎপৰ্য্য ব্যখ্যা কৰাৰ লগতে ভাৰতীয় দাৰ্শনিক অনুসন্ধান পৰিষদৰ তত্বাৱধানত অনুষ্ঠিত বক্তৃতা অনুষ্ঠানলৈ সকলোকে আদৰণি জনাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/21/whatsapp-image-2026-02-21-21-06-04.jpeg)
অনুষ্ঠানটিত সমল ব্যক্তি ৰূপে উপস্থিত থাকি বটদ্ৰৱা শলগুৰি সত্ৰৰ ডেকা সত্ৰীয়া,বিশিষ্ট শিল্পী ৰঞ্জিত মহন্তই "শংকৰদেৱৰ দৃষ্টিভংগী আৰু বৈষ্ণৱধর্মঃ অসমত সাংস্কৃতিক পুনৰ জাগৰন” আৰু “বৈষ্ণৱধর্ম আধ্যাত্মিক আৰু সামাজিক পৰিৱৰ্তনৰ এক ভক্তি পৰম্পৰা” বিষয়ৰ সাৱলীল বক্তৃতা প্ৰদান কৰে। আন এগৰাকী সমল ব্যক্তি তথা বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক লাচিত বৰদলৈয়ে এটা জাতি জনগোষ্ঠীৰ মূল পৰিচয় হৈছে মাতৃভাষা,আমি যি ভাষাত সপোন দেখো,সঁচাকৈ সেই ভাষাই হৈছে মাতৃভাষা" বুলি প্ৰকাশ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/21/whatsapp-2026-02-21-21-06-26.jpeg)
অনুষ্ঠানটিতে মাতৃভাষা দিৱসৰ লগত সংগতি ৰাখি মাতৃভাষা চৰ্চাৰে গুৰুভূমিৰ পৰা সংবাদ সেৱা আগবঢ়োৱা তথা অঞ্চলৰ বিভিন্ন সামাজিক,সাংস্কৃতিক আৰু শৈক্ষিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হৈ সেৱা আগবঢ়োৱা সাদিন প্ৰতিদিন গোষ্ঠীৰ সাংবাদিক দিব্যজ্যোতি বৰুৱাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। বটদ্ৰৱাৰ শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ হৈ অধ্যক্ষা ড০ নমিতা কলিতাই সাংবাদিক দিব্যজ্যোতি বৰুৱাক প্ৰশস্তি পত্ৰ,উপহাৰৰ প্ৰদান কৰি এই সম্বৰ্ধনা জনায়। ভাৰতীয় শিক্ষন মণ্ডলৰ নগাঁও শাখাৰ উপসভাপতি নৰায়ন মজুমদাৰ,ৰাণা সঞ্জয় কুমাৰ সিং,সম্পাদক ড০ বাপাৰঞ্জন দাস,সদস্য ৰাজকুমাৰৰ লগতে মহাবিদ্যালয়ৰ উপাধ্যক্ষ দেৱজিৎ মহন্ত, অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপিকা ড০ প্রাঞ্জলী মহন্তকে আদি কৰি অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী সকলৰ উপস্থিতিত অনুষ্ঠিতঅনুষ্ঠানটিৰ শেষত শলাগৰ শৰাই আগবঢ়াই মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নির্ণায়ক কোষৰ সমন্বয়ক ড০ আশ্বিক ইলাহীয়ে। ইফালে অনুষ্ঠানৰ মাজতে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হোৱা বানান প্রতিযোগীত ,আকস্মিক বক্তৃতা প্ৰতিযোগিতা,কুইজ প্ৰতিযোগিতা আৰু ৰচনা প্ৰতিযোগিতাৰ বিজয়ী সকলক পুৰস্কাৰ প্ৰদান কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/21/whatsapp-i-2026-02-21-21-06-56.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us