নগাঁৱৰ ৰাইডঙীয়াত কৃষকৰ মাজত বন নাশক ঔষধ সামগ্ৰী বিতৰণ

সৰ্বভাৰতীয়  ঘেহুঁ আৰু বাৰ্লি গৱেষণা প্ৰতিষ্ঠান, 'কাৰ্ণাল হাৰিয়ানাই প্ৰদান কৰা উত্তৰ-পূৰ্বাঞ্চলৰ অনুদান কাৰ্যসূচীৰ এই অনুষ্ঠানত বহু কেইজন কৃষক উপস্থিত থাকে।

author-image
Asomiya Pratidin
New Update
new ap web 11-11-24 new 2

ডিজিটেল সংবাদ,বটদ্ৰৱাঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ মাণ্ডলিক গৱেষণা কেন্দ্ৰ, চিলঙনীত চলি থকা সৰ্বভাৰতীয় সমন্বিত ঘেহুঁ আৰু বাৰ্লি প্ৰকল্পৰ অধীনত আজি নগাঁৱৰ ৰাইডঙীয়াত কৃষকৰ মাজত ৩০ বিঘা মাটিৰ বাবে ঘেহুঁৰ উচ্চ উৎপাদনক্ষম জাত এচ ডি২৯৬৭ৰ বীজ তথা প্ৰয়োজনীয় সাৰ ইউৰিয়া, একক চুপাৰ ফছফেট, মিউৰিয়েট অফ পটাচ আৰু লগতে ৰোগৰ বাবে ঔষধ, অপতৃণ নিৰ্মূলৰ বাবে বন নাশক ঔষধ বিতৰণ কৰা হয়। সৰ্বভাৰতীয়  ঘেহুঁ আৰু বাৰ্লি গৱেষণা প্ৰতিষ্ঠান, 'কাৰ্ণাল হাৰিয়ানা'ই প্ৰদান কৰা উত্তৰ-পূৰ্বাঞ্চলৰ অনুদান কাৰ্যসূচীৰ  এই অনুষ্ঠানত মাণ্ডলিক গৱেষণা কেন্দ্ৰ চিলঙনীৰ মূখ্য বিজ্ঞানী ডঃ হিৰণ্য কুমাৰ বৰা, উক্ত প্ৰকল্পটিৰ প্ৰধান তদন্তকাৰী বিজ্ঞানী ডঃ পদ্মিনী দাস, শস্য বিজ্ঞান বিভাগৰ বিজ্ঞানী ডঃ জ্যোতিৰেখা হাজৰিকা প্রমুখ্য ৰাইডঙীয়া গাঁৱৰ বহু কেইজন কৃষক উপস্থিত থাকে। 

WhatsApp Image 2025-12-06 at 8.48.09 PM

উল্লেখযোগ্য যে প্ৰকল্পটিৰ জৰিয়তে নগাঁও জিলাৰ ৰাইডঙীয়াৰ ৩০বিঘা, মৰিগাঁওৰ মৈৰাবাৰী অঞ্চলৰ ৩০বিঘা, হোজাইৰ আমতলাৰ ৩০বিঘা তথা বৰপেটাৰ বিয়াকুচিৰ ১০০বিঘা ঘেহুঁ খেতিৰ বাবে সাঙুৰি লয়।সভাত ড০ হিৰণ্য কুমাৰ বৰাই বীজ তথা অন্যান্য সামগ্ৰীৰ জৰিয়তে কৃষকক বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়ে। শস্যত ৰোগ বা কোনো সমস্যা দেখা দিলে বিজ্ঞানীসকলৰ সৈতে যোগাযোগ কৰিবলৈ কৃষকক আহ্বান জনায়।

WhatsApp Image 2025-12-06 at 8.48.10 PM

উল্লেখযোগ্য যে এই প্ৰকল্পৰ অধীনত গৱেষণা কেন্দ্ৰটিয়ে অসমৰ ঘেহুঁ উৎপাদন কৰা জিলা নগাঁও, মৰিগাঁও, হোজাই,দৰং, বৰপেটাৰ বিভিন্ন অঞ্চলৰ কৃষক সকলক বৈজ্ঞানিক পদ্ধতিৰে ঘেহুঁ খেতিৰ প্ৰশিক্ষণ তথা অসমৰ বাবে অনুমোদিত উচ্চ উৎপাদনক্ষম জাত আৰু কৃষি সামগ্ৰীৰ বিনামূলীয়া বিতৰণ কাৰ্যসূচী হাতত লৈছে। এই কাৰ্যসূচীৰ প্ৰধান উদ্দেশ্য হৈছে অসমত কমি অহা ঘেহুঁৰ মাটিকালি বৃদ্ধি তথা কৃষকক আৰ্থিক ভাৱে সহায় কৰা যাতে তেওঁলোক ঘেহুঁ খেতিৰ বাবে আগ্ৰহী হয়।

বটদ্ৰৱা