/asomiyapratidin/media/media_files/2025/11/20/whatsapp-image-2025-11-20-17-46-31.jpeg)
ডিজিটেল সংবাদ,বটদ্ৰৱাঃ নগাঁৱৰ বটদ্ৰৱাত সংঘটিত হৈছে এক দুখজনক ঘটনা। ঘটনাৰ বিৱৰণি মতে, সন্তান প্ৰসৱৰ পাছতে মৃত্যু এগৰাকী ৱাৰ্ড সদস্যাৰ। এই দুখজনক ভাৱে মৃত্যু হোৱা ৱাৰ্ড সদস্য গৰাকী অনামিকা দেউৰী।
উল্লেখ্য যে নগাঁও বটদ্ৰৱা সমষ্টিৰ মাজ জজৰি দৰংগীয়াল গাঁও পঞ্চায়তৰ অন্তৰ্গত ৮ নং ৱাৰ্ড সদস্যা আছিল অনামিকা দেউৰী।
জানিব পৰা মতে, যোৱা ১৪ নৱেম্বৰত সন্তান জন্মৰ বাবে গুৱাহাটী মেডিকেল কলেজ হস্পিতালত ভৰ্তি হৈছিল। সেই গুৱাহাটী মেডিকেল কলেজ হস্পিতালত জন্ম হৈছিল এগৰাকী কণ্যা শিশু। শিশুটি জন্ম হোৱাৰ পাছতে প্ৰসৱজনিত কাৰণত অনামিকা দেউৰীৰ শাৰিৰীক অৱস্থা জটিলতালৈ গতি কৰে আৰু বৃহস্পতিবাৰে চিকিৎসাধীন অৱস্থাত মৃত্যু হয় মহিলাগৰাকীৰ।
আনফালে ভাৰতীয় জনতা দলৰ কৰ্মী তথা ৱাৰ্ড সদস্যা গৰাকীৰ বিয়োগত বিধায়ক ৰূপক শৰ্মা, মাজজজৰি দৰংগীয়াল গাঁও পঞ্চায়তৰ সভানেত্ৰী হিমাক্ষী শইকীয়া বৰাকে প্ৰমুখ্য কৰি সমূহ ৱাৰ্ড সদস্য-সদস্যাই গভীৰ শোক প্ৰকাশ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us