/asomiyapratidin/media/media_files/2025/11/23/297-2025-11-23-21-36-56.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত ১৯৫০ চনতে স্থাপিত হোৱা বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী ভাগ অহা ১৬,১৭,১৮ জানুৱাৰীত অনুষ্ঠিত হ'ব। সেই উপলক্ষে দেওবাৰে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সন্মিলন অনুষ্ঠিত হয়।
তদুপলক্ষে পুৱা ১০-৩০ বজাত পতাকা উত্তোলন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি উপেন বায়নে। বন্তি প্ৰজ্বলন কৰে সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। লগতে এজোপা নাহৰ পুলি ৰোপন কৰে প্ৰাক্তন ছাত্ৰ তথা শিক্ষক দীপাংকৰ গিৰি দেৱ গোস্বামীয়ে।
পিছত লংকা বি এড কলেজৰ অধ্যক্ষ ড০ মুস্তাফিজুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত প্ৰাক্তন ছাত্র ছাত্ৰীৰ মত বিনিময় অনুষ্ঠানত বহুকেইগৰাকী বিদ্যালয়ত পঢ়ি থকা সময়ৰ পুৰণি স্মৃতি ৰোমন্থন কৰি আবেগিক হৈ পৰে। বহু পুৰণি বন্ধু সকলক পাই আলিংগন কৰি ইজনে সিজনক স্মৃতি বোৰ ৰোমন্থন কৰে।
অনুষ্ঠানৰ মাজতে বিদ্যালয়ৰ ছাত্র-ছাত্ৰীৰ দ্বাৰা বৰগীত, দিহা নাম, জিকিৰ জাৰি পৰিৱেশন কৰে। মত বিনিময় অনুষ্ঠানটোত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বিশিষ্ট চিকিৎসক প্ৰদীপ কুমাৰ দেৱ মহন্ত, ইন্দ্ৰমোহন বৰুৱা, ধিং বিদ্যুৎ উপ সংমণ্ডল বিষয়া মঞ্জুৰুল হক, বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ উপসভাপতি হিৰণ্য কলিতাকে আদি কৰি বহুকেইগৰাকী প্ৰাক্তন ছাত্ৰ ছাত্ৰী, বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱ জ্যোতি মহন্ত আৰু বিদ্যালয় নৰ বিদ্যালয়খনৰ অধ্যক্ষা হীৰামনি বৰুৱাকে আদি কৰি শিক্ষকসকল উপস্থিত আছিল।
আজিৰ সভাখনতেই ড০ মুস্তাফিজুৰ ৰহমানক সভাপতি, নবী হুছেইন, ৰাব্বুল ইছলামক উপ সভাপতি, ভাস্কৰ বৰাক সম্পাদক, ফকৰ উদ্দিন, ফজলুল ইছলামক সহ-সম্পাদক আৰু আৰিফুল বাহাৰক বিত্ত সম্পাদক হিচাপে লৈ এখন শক্তিশালী সমিতি গঠন কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us