/asomiyapratidin/media/media_files/2025/12/29/539-2025-12-29-17-53-31.jpg)
ডিজিটেল ডেস্ক : “শিল্পীৰ কোনো ধৰ্ম নাই । শিল্পকৰ্মই শিল্পীৰ মূল ধৰ্ম ।” বহু প্ৰত্যাশিত বটদ্ৰৱা প্ৰকল্প উদ্বোধনৰ দিনাই এইদৰে ক'লে বটদ্ৰৱা প্ৰকল্পৰ গুৰুআসনসহ তোৰণলৈকে চিত্ৰ-ভাস্কৰ্যৰে সৌন্দৰ্য বৃদ্ধি কৰা শিল্পী নুৰুদ্দিন আহমেদে । তাৰোপৰি এই প্ৰকল্প নিৰ্মাণত আহমেদক পূৰ্ণ সহযোগীতা আগবঢ়াইছে তেওঁৰ দুই পুত্ৰ ৰাজ আহমেদ আৰু দীপ আহমেদে।
উল্লেখযোগ্য যে, ২০২১ চনতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থানৰ কাষতে নিৰ্মাণকাৰ্য আৰম্ভ হোৱা বটদ্ৰৱা প্ৰকল্পৰ সোমবাৰে উদ্বোধন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । উদ্বোধন কৰা বটদ্ৰৱা প্ৰকল্পৰ গুৰুআসনৰ পৰা তোৰণলৈকে চিত্ৰ-ভাস্কৰ্য নিৰ্মাণ কৰি সৌন্দৰ্যবৰ্ধনৰ কামত নিয়োজিত হৈছিল বিশিষ্ট চিত্ৰ তথা ভাস্কৰ্য শিল্পী নুৰুদ্দিন আহমেদ ।
গুৰুজনাৰ জন্মস্থানত নিৰ্মাণ কৰা বটদ্ৰৱা প্ৰকল্পত মূৰ্তি নিৰ্মাণৰ পৰা সৌন্দৰ্যবৰ্ধনৰ কামত নিয়োজিত হোৱা নুৰুদ্দিন আহমেদে ভাগৱত, কীৰ্তন অধ্যয়ন কৰি বটদ্ৰৱা প্ৰকল্পৰ মূৰ্তি নিৰ্মাণৰ পৰা সৌন্দৰ্যবৰ্ধনৰ কাম সম্পূৰ্ণ কৰে । বটদ্ৰৱা প্ৰকল্পত গুৰুআসন, বিষ্ণুৰ দশাৱতাৰ, হনুমান, গায়ন-বায়নৰ ভাস্কৰ্য নিৰ্মাণেৰে দুই পুত্ৰক লগত লৈ সাংস্কৃতিক প্ৰকল্পটি সজাই তোলে শিল্পী নুৰুদ্দিন আহমেদে ।
ইয়াৰ উপৰি প্ৰকল্পৰ মূল প্ৰৱেশদ্বাৰৰো চিত্ৰ অংকন কৰিছে শিল্পী নুৰুদ্দিন আহমেদে । উচ্চ শিক্ষিত দুই পুত্ৰ ৰাজ আহমেদ আৰু দীপ আহমেদৰ সহযোগত বটদ্ৰৱা প্ৰকল্প সজাই তোলে নুৰুদ্দিন আহমেদে । বিগত ৫০ বছৰৰ পৰা শিল্পকৰ্মৰ সৈতে জড়িত নুৰুদ্দিন আহমেদে পূৰ্বে ভাওনা সমাৰোহৰ পৰা দুৰ্গা পূজাৰ মূৰ্তি, পেণ্ডেল আদি নিৰ্মাণৰ সৈতেও জড়িত থকা বুলি জানিবলৈ দিয়ে শিল্পী আহমেদে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us