Advertisment

সূদীৰ্ঘ ৭ মাহৰ মূৰত মুখত মাস্ক পৰিধান কৰি ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে শিক্ষাৰ্থী বিদ্যালয়ত উপস্থিত…

সূদীৰ্ঘ ৭ মাহৰ মূৰত মুখত মাস্ক পৰিধান কৰি ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে শিক্ষাৰ্থী বিদ্যালয়ত উপস্থিত…

author-image
asomiyapratidin
New Update
সূদীৰ্ঘ ৭ মাহৰ মূৰত মুখত মাস্ক পৰিধান কৰি ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে শিক্ষাৰ্থী বিদ্যালয়ত উপস্থিত…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ চীনৰ পৰা সমগ্ৰ বিশ্বৰ দেশসমূহলৈ আগবাঢ়ি অহা এবিধ ভাইৰাছে সমগ্ৰ বিশ্বৰ প্ৰতি জন নাগৰিকক প্ৰভাৱ পেলোৱা লগতে ছাত্ৰ-ছাত্ৰীসকলক নিজৰ আপোন বিদ্যালয়খনৰ পৰা দূৰ কৰিছিল। মাৰাত্মক কোৰোনা ভাইৰাছৰ বাবে চৰকাৰে ঘোষণা কৰিছিল লকডাউন বন্ধ কৰিছিল বিদ্যালয়ৰ সমূহ।

Advertisment

যোৱা ১৫ মাৰ্চৰে পৰা কোভিড-১৯ৰ সংক্ৰমণৰ বাবে ৰাজ্যত বন্ধ হৈ আছি শিক্ষানুষ্ঠানসমূহ। সোমবাৰে ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে সকলো ছাত্ৰ ছাত্ৰী ছাত্ৰী বিদ্যালয়লৈ অহাত আনন্দ উল্লাস পৰিলক্ষিত হৈছে। বটদ্ৰৱাটো মুখত মাস্ক পৰিধান কৰি ছাত্ৰ ছাত্ৰী সকলে আহিছে নিজ বিদ্যালয়লৈ। শিক্ষক সকলেওঁ চৰকাৰী নিৰ্দেশনা পালন কৰি বিদ্যালয়লৈ আহি আৰম্ভ কৰিছে পাঠদান।