/asomiyapratidin/media/media_files/2026/01/02/5430d12c-0e6a-4a0b-9101-8a41fdb22db2-2026-01-02-09-53-31.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ২৯ ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰা বটদ্ৰৱাৰ সাংস্কৃতিক প্ৰকল্প গুৰুজনাৰ স্মৃতিক যুগমীয়া কৰাৰ বাবে অসম চৰকাৰে বিশেষ ব্যৱস্থা। ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত গুৰুজনাৰ আদৰ্শ গুৰুজনাৰ অমূল্য সম্পদ সমূহক উজ্জীৱিত কৰি তোলাৰ বাবে ৰাজ্য চৰকাৰে ২২২.৫৪ কোটি টকা ব্যয়সাপেক্ষ এই প্ৰকল্প নিৰ্মাণ কৰা হৈছে। শ্ৰীমন্ত শঙ্কৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ’ নামৰে পৰিচিত হবলগিয়া এই প্ৰকল্প ৰাজ্যৰ আপুৰুগীয়া সম্পদহৈ উঠিব। এই প্ৰকল্পই ১৬৫ বিঘা ভূমিক আবৰি লৈছে।
ইয়াৰে ১৩৫ বিঘা ভূমি বটদ্ৰৱাৰ সৰু হিচাত থকাৰ বিপৰীতে প্ৰায় ৩০ বিঘাৰো অধিক ভূমি বটদ্ৰৱাৰ বৰহিচাত আছে। তদুপৰি প্ৰায় ৪৫ বিঘা ভূমি অতিৰিক্ত ভাবে ৰাখি থোৱা হৈছে। ২০১৬ চনত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত এই ভূমি বেদখলমুক্ত কৰা হৈছিল । ২০২০ চনৰ ২৬ ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুৱাহাটীৰ পৰাই এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/02/4bdc49d4-3d45-4a24-a665-a542ad73bdc1-2026-01-02-09-50-40.jpg)
পৰৱৰ্তী সময়ত ২০২১ বৰ্ষৰ ২৫ ফেব্ৰুৱাৰীত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত গৃহমন্ত্ৰী অমিত শ্বাহ বটদ্ৰৱাত উপস্থিতহৈ এই প্ৰকল্পৰ আনুষ্ঠানিক ভাবে নিৰ্মাণকাৰ্য্য আৰম্ভ কৰিছিল। গৃহমন্ত্ৰী অমিত শ্বাহে সেই সময়ত ভাষন প্ৰসংগত কৈছিল-‘ শংকৰদেৱৰ জন্মস্থানলৈ আহিব পৰাটো মোৰ পৰম সৌভাগ্য। গুৰুজনাৰ ওচৰলৈ আহিবলৈ কৃপাদৃষ্টি লাগিব । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শত ৰামৰাজ্যৰ কল্পনা নিহিত হৈ আছে । বিশ্ব মানৱ জাতিৰ একাত্মবোধ, ভাতৃত্ব আৰু মানৱতাবোধৰ নিদৰ্শন ভাৰতীয় মহাজাতিয়ে শংকৰ-মাধৱৰ পৰা অনুকৰণ কৰিব।
উল্লেখযোগ্য যে বটদ্ৰৱা থানৰ বিকাশ আৰু সৌন্দৰ্যবৰ্ধনৰ বাবে নিৰ্মাণ কৰা এই প্ৰকল্পটো ‘এৰিয়েল ভিউ’ ত এজোপা বটবৃক্ষৰ দৰে লাগে(Batadrava Than Development)। ‘এৰিয়েল ভিউ’ৰ এই মাষ্টাৰ প্লেনৰ ডিজাইন কৰিছিল মহিন্দ্ৰ কনচাল্টিং ইঞ্জিনীয়াৰ নামৰ প্ৰতিষ্ঠানটোৱে। এই প্ৰকল্পত আছে গুৰু আসন, প্ৰশাসনিক ভৱন, গৱেষণা কেন্দ্ৰ, জলপান ঘৰ, দক্ষতা বিকাশ কেন্দ্ৰ, নিৰাপত্তাৰক্ষীৰ ঘৰ, টিকট কাউন্টাৰ, পৰ্যটন তথ্য কেন্দ্ৰ, কাৰ পাৰ্কিং, ৰাজহুৱা শৌচাগাৰ আদি। গুৰু আসনৰ আৰ্হিত কেন্দ্ৰীয় ভাবে গৃহ, ধ্যান গৃহ নিৰ্মাণ কৰা হৈছে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/02/02d1a1c2-5ab8-4128-9d41-b0616e5a88c9-2026-01-02-09-50-51.jpg)
ইয়াৰ উচ্চতা ২৫ মিটাৰ আৰু বহলে ৩০ মিটাৰ । প্ৰশাসনিক ভৱনটো গায়ন বায়নৰ পাগুৰিৰ আৰ্হিত নিৰ্মাণ হৈছে। ইয়াৰ আকাৰ ১০৪৮ বৰ্গমিটাৰ। জলপান ঘৰৰ আকাৰ ২৫.১৪ বৰ্গমিটাৰ। দক্ষতা বিকাশ কেন্দ্ৰ খোলৰ আৰ্হিত নিৰ্মাণ হৈছে। ইয়াৰ উপৰিও দুটা জলপান ঘৰ, যাত্ৰী নিবাস, বৰতাল আৰ্হিৰ কলাকেন্দ্ৰ তথা সভাগৃহ, শিশু উদ্যান, হেলিপেড আদিও নিৰ্মাণ কৰা হৈছে।
ইয়াত মুখা শিল্পকে ধৰি গুৰুজনাৰ কৰ্মজীৱনৰ বিভিন্ন সমল প্ৰদৰ্শন, ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ, শংকৰী নৃত্য তথা সত্ৰীয়া নৃত্য-গীতৰ অনুষ্ঠান, বৰগীত-অংকীয়া ভাওনা আদি কৰ্মশালা অনুষ্ঠিত হ’ব। ঔম কণ্ট্ৰাক্সন নামৰ এটা কোম্পানীৰ তদাৰকত এই প্ৰকল্পৰ নিৰ্মান হৈ থকাৰ ওপৰিও থলুৱা গছ-গছনি ৰোপন কৰি প্ৰাকৃতিকভাৱে সুন্দৰ কৰাৰ প্ৰচেষ্টা লোৱা হৈছে। এই প্ৰকল্পটো নিৰ্মাণৰ বাবে ২২২.৫৪ কোটি টকা ব্যয় হৈছে ।
তিনিটা স্তৰত এই ধন দিয়া হৈছে । প্ৰথম পৰ্যায়ত ৫০ কোটি টকা মোকলাই হৈছিল । এই কাম ২০২০ চনৰ ২০ নৱেম্বৰত আৰম্ভ কৰি ২০২৫ চনৰ ২৫ ডিচেম্বৰত সমাপ্ত কৰা হৈছে । এই পৰ্যায়ত গুৰু আসন, প্ৰশাসনিক ভৱন, যোগ্যতা উন্নয়ণ কেন্দ্ৰ, গৱেষণা কেন্দ্ৰ, সীমা বেৰ, প্ৰথমটো জলপান ঘৰ, প্ৰৱেশদ্বাৰক সামৰি লোৱা হৈছে । দ্বিতীয় পৰ্যায়ত ১২৪.২৩ কোটি টকা মুকলাই দিয়া হৈছে। ২০২২ চনৰ ১১ অক্টোবৰত কাম আৰম্ভ কৰি ২০২৫ চনৰ ২৫ ডিচেম্বৰত কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/02/2fa7597c-843a-4760-8f19-4c05913cd6d1-2026-01-02-09-51-02.jpg)
অৱশ্যে সামান্য কাম বাকী আছে। একমাহৰ ভিতৰত এই সামান্য অংশ সম্পূৰ্ণ হব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনাইছে। এই পৰ্যায়ত নামঘৰ, যাত্রী নিবাস আৰু ১০ টা জনগোষ্ঠীয় কটেজ, মনিকাঞ্চন নামঘৰ, স্বাস্থ্য কেন্দ্ৰ, যানবাহন ৰখা ঠাই, ৫টা ৰাজহুৱা শৌচাগাৰ, কৰ্মচাৰীৰ গৃহ, দ্বিতীয়টো জলপান ঘৰ, কলাকেন্দ্ৰ, কৃষ্ণ লীলা, হেলিপেডক সামৰি লোৱা হৈছে । তৃতীয় পৰ্যায়ত ৫৮.৩১ কোটি টকা মুকলাই দিয়া হৈছে।
২০২৫ চনৰ ১২ মাৰ্চত কাম আৰম্ভ কৰি ২০২৫ চনৰ ১২ ডিচেম্বৰত কাম সমাপ্ত কৰাৰ লক্ষ্য লোৱা হৈছিল। এই পৰ্যায়ত সম্পূৰ্ণ পৰিসৰৰ ভূ-সৌন্দৰ্যায়ন (লেণ্ডস্কেপিং), গুৰু আসন ভৱনত সত্ৰীয়া সংস্কৃতিৰ ভাব-প্ৰতিফলন ঘটাবলৈ মিউৰেল আৰু ৰিলিফ নিৰ্মাণ, সৌন্দৰ্য আৰু পৰিবেশ উন্নত কৰাৰ লক্ষ্যৰে আধুনিক তথা অত্যাধুনিক সামগ্ৰী আৰু প্ৰযুক্তি ব্যৱহাৰ কৰি ভৱনসমূহৰ অভ্যন্তৰীণ সজ্জা, গুৰু আসন ভৱনৰ সন্নিহিত এলেকাত ফ’ম ফাউণ্টেইন নিৰ্মাণ আদি সামৰি লোৱা হৈছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us