/asomiyapratidin/media/media_files/2025/09/11/yhhs-2025-09-11-23-19-13.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা অঞ্চলত ধাৰাবাহিক চুৰিকাণ্ডৰ ঘটনাই সৰ্বসাধাৰণ মানুহৰ নিদ্ৰাহৰন কৰিছে। এইবাৰ চুৰিৰ ঘটনা বৰহিছা গাঁৱৰ মালা বৰুৱা নামৰ বিধবা মহিলাৰ ঘৰ। জানিবপৰা মতে কিছুদিন পূৰ্বে ঘৰুৱা অনুষ্ঠানৰ বাবে মহিলাগৰাকী গুৱাহাটীলৈ গৈছিল।
বৃহস্পতিবাৰে গুৱাহাটীৰ পৰা ঘুৰি আহি ঘৰৰ ভিতৰত সোমাই হতভম্ভ হৈ পৰে। ঘৰত মানুহ নথকাৰ সুযোগ লৈ চুৰে কৌশলৰে প্ৰবেশ কৰি দুটাকৈ আলমিৰা ভাঙি সোনৰ গহনা, নগদ ধন, কাঁহৰ বাচন বৰ্তন, কাপোৰ আদি লৈ ওধাও হয়। ইফালে যোৱা ৩০ আগষ্টত বটদ্ৰৱা সৰুহিছা গাঁৱত দিন দুপৰতে সোণমাই কলিতা নামৰ বিধবা মহিলা গৰাকীৰ বাসগৃহত কোনো লোক নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰৰ দলে কেইবা লক্ষাধিক টকাৰ সোণৰ আ অলংকাৰৰ লগতে নগদ ধন আৰু অন্যান্য সামগ্ৰী লুটি নিয়ে৷
পাছত যোৱা ৫ ছেপ্তেম্বৰত বটদ্ৰৱা সৰুহিছা গাঁৱৰ গৌতম গোস্বামী তদুখী য়া মহি ঘৰটো দিনদুপৰত চুৰিকাণ্ড সংঘটিত হয়। মনকৰিবলগীয়া যে, বটদ্ৰৱা আৰক্ষীক অংগুষ্ঠ প্ৰদৰ্শন কৰি অঞ্চলটোৰ ভিন্ন প্ৰান্তত নিতৌ সংঘটিত হ’বলৈ ধৰা এনে চুৰিকাণ্ডই এতিয়া চিন্তিত কৰি তুলি সৰ্বসাধাৰণ ৰাইজক৷ চুৰিকাণ্ডৰ ঘটনাসমূহক লৈ আৰক্ষীক কঠোৰ হোৱাৰো আহবান জনাইছে অঞ্চলটোৰ ৰাইজে। ইফালে ঘটনাস্থলিত বটদ্ৰৱা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে কোনো চুৰ ধৰিবলৈ সক্ষম হোৱা নাই।