২২২ কোটি টকাৰ ব্যয়ৰে নিৰ্মাণ হোৱা আটক ধুনীয়া বটদ্ৰৱা প্ৰকল্পৰ ৭খন বিশেষ PHOTOS...

বিজেপি চৰকাৰ ২০১৬ চনত শাসনলৈ অহাৰ পিছতেই ২৩ ছেপ্টেম্বৰত তদানীন্তন মুখ্যমন্ত্রী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নেতৃত্বত বটদ্ৰৱাৰ আকাশী গঙ্গাৰ পাৰৰ ১৬৫ বিঘা চৰকাৰী ভূমি বেদখল মুক্ত কৰিছিল।

author-image
Asomiya Pratidin
New Update
kimdmmdd

ডিজিটেল ডেস্কঃ May be an image of templeপৰৱৰ্তী সময়ত ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰে।

605622853_1377230401082392_7555002776731477651_n

 উল্লেখ্য যে, গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত নিৰ্মীয়মান বটদ্ৰৱা প্ৰকল্প শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ নামেৰে জনাজাত হ'ব। সৰ্বমুঠ ২২২ কোটি টকাৰ ব্যয় সাপেক্ষে এই আৱিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ হৈ উঠিছে।

604725530_1377230474415718_979341031215530603_n

সময়ৰ সৈতে সংগতি ৰাখি বটদ্ৰৱা থানৰ বহু অংশ ক্ষতিগ্ৰস্ত হৈছিল। পৰ্যাপ্ত পৰিকাঠামোৰ অভাৱ, পৰ্যটকৰ সুবিধাৰ অভাৱ আৰু ঐতিহাসিক সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত অসুবিধাই এই স্থানৰ মহিমা কিছু পৰিমাণে ঢাকি পেলাইছিল।

607438984_1377230491082383_5633513612972285061_n

এনে পৰিস্থিতিত বটদ্ৰৱা থানৰ সামগ্ৰিক উন্নয়ন আৰু সংৰক্ষণৰ বাবে এক সুসংগঠিত আৰু দীৰ্ঘম্যাদী পৰিকল্পনাৰ প্ৰয়োজন অনুভৱ কৰা হৈছিল। এই প্ৰয়োজনীয়তাৰ পৰিপ্ৰেক্ষিততেই জন্ম ল’লে বটদ্ৰৱা থান প্ৰকল্প।

605533466_1377230407749058_4197397314420582144_n

শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱাৰ নৱনিৰ্মিত সাংস্কৃতিক প্ৰকল্প তথা শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাব ক্ষেত্ৰ শুভ উদ্বোধনৰ বাবে আজি অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বটদ্ৰৱা আগমনকলৈ উখল মাখল পৰিৱেশ বিৰাজ কৰিছে। 

607316442_1377230424415723_915654085633046092_n

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত প্ৰায় ৬০ হেজাৰ ৰাইজৰ সমাগম হব বুলি জানিব পৰা গৈছে। আনহাতে, গৃহমন্ত্ৰীক আদৰণি জনোৱা উদ্দেশ্যে প্ৰকল্পস্থলীত আইমাতৄ সকল সাজু।

605733326_1377230461082386_2118607599611802413_n

৬০০ আইমাতৄ সমবেত হৈ দিহানামৰে বৈকুণ্ঠপুৰীত পৰিণত হ'ব বটদ্ৰৱা থান।

605115130_1377230431082389_4599190652266701066_n

বটদ্ৰৱা বটদ্ৰৱা থান নগাঁও-বটদ্ৰৱা