/asomiyapratidin/media/media_files/2025/11/01/ujjjs-2025-11-01-22-52-12.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ৰাজ্যখনৰ ভিন্নপ্ৰান্তৰ লগতে নগাঁও জিলাৰ পশ্চিম অঞ্চলত বতৰে বিধি- পথালি দিয়াৰ ফলত শালিধানৰ পথাৰত বিস্তৰ ক্ষতি হৈছে। এইবেলি আষাৰ- শাওন মাহত পথাৰত শালিধান ৰোপন কৰাৰ সময়ত প্ৰচণ্ড খৰাঙৰ কৱলত পৰিছিল নগাঁও জিলাৰ বহু অঞ্চল৷
যাৰ ফলত বন-বাটে আগুৰি ধৰি নষ্ট কৰিছিল পথাৰ ৰোৱাতলীবোৰ ৷ তাৰ মাজতে কৃষকৰ বহু কষ্টোপাৰ্জিত যিখিনি ধানে পথাৰত শইচ সোনোৱালী সপোন ৰছিচিল সেয়া এতিয়া কাতিমহীয়া আৱতৰীয়া বৰষুণৰ কৱলত পৰি নষ্ট হোৱাৰ উপক্ৰম হৈছে৷ নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ বটদ্ৰৱা, ভেটিয়নী, ৰাইডঙীয়া, আইভেটি, নসত্ৰ, জাজৰি, কাছমাৰী, হাহঁচ’ৰা, বাংঠাই, কাকমাৰী, বগৰিগুৰি, লেংলেঙি, ভোমাৰাগুৰি আদি শালিধানৰ বাবে বিখ্যাত পথাৰসমূহত আইজং, সোনামচুৰী, বৰা, কোমল আদি ওখ জাতৰ গেঁৰধৰা ধানবোৰ বতাহ বৰষুণত বাগৰি পৰাত কৃষক ৰাইজে মুৰে কপালে হাত দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে৷ পথাৰত পানী জমা হৈ ধানৰ গুৰি বোৰ হালি পৰাত ধানবোৰ পতনুৱা হোৱাৰ আশংকাই দেখা দিছে৷
ইফালে এই সময়তে ৰঞ্জিত, স্বৰ্ণমাচুৰী, বাহাদুৰ, ৰঞ্জিত চাব ৱান আদি অধিক উৎপাদনক্ষম চুটিজাতৰ ধানৰ ফুলত পৰাগ উৎপাদৰ হয়, তেনে সময়তে নেৰানেপেৰা বৰষুণ আৰু বতাহে ধানৰ ফুলবোৰ সৰাই ধানৰ উৎপাদন হ্ৰাস কৰাৰ দুৰ্ভাৱনাত চিন্তিত হৈ পৰিছে কৃষকসকল।
ইফালে অঞ্চলটোত শীকালত উৎপাদিত ঘেঁহু, বুট, মটৰ, সৰিয়হ, লাই লফা, চুুকা পালেং মেমেধু, মূলা, গাজৰ, পিয়াজ, বিলাহী, কবি, বেঙেনা আদি ৰবি শস্যসমূহটো ব্যপক প্ৰভাৱ পেলাইছেে। সাধাৰণতে বক্ষ্মপুত্ৰৰ উপত্যকা এই অঞ্চলটো ৰবি শস্যৰ বাবে গুৰুত্বপূৰ্ণ। অক্টোবৰ মাহৰ পৰা আৰম্ভ কৰা ৰবি শস্যৰ খেতিক লৈয়ো চিন্তিত হৈ পৰিছে কৃষক সকল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us