বটদ্ৰৱাত স্বাধীনতা দিৱস উপলক্ষে পতাকা উত্তোলন...

আজি দেশে উদযাপন কৰিছে ৭৯ সংখ্যক স্বাধীনতা দিৱস। ব্ৰিটিছৰ ২০০ বছৰীয়া দমন নীতিক নেওচি ১৯৪৭ত হাজাৰ হাজাৰ ভাৰতীয়ৰ আত্ম বলিদানৰ ফচল এই স্বাধীনতা দিৱসটি দেশৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাৰ

author-image
Asomiya Pratidin
New Update
ddddd

ডিজিটেল ডেস্কঃ আজি দেশে উদযাপন কৰিছে ৭৯ সংখ্যক স্বাধীনতা দিৱস। ব্ৰিটিছৰ ২০০ বছৰীয়া দমন নীতিক নেওচি ১৯৪৭ত হাজাৰ হাজাৰ ভাৰতীয়ৰ আত্ম বলিদানৰ ফচল এই স্বাধীনতা দিৱসটি দেশৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানটো উলহ মালহেৰে পালন কৰা হৈছে।

Advertisment

বটদ্ৰৱা শংকৰদেৱ শিশু নিকেতনত পুৱা ত্ৰিৰংগা পতাকা উত্তোলন কৰে শংকৰদেৱ শিশু নিকেতন পৰিচালনা সমিতিৰ উপসভাপতি সুনিল বৰুৱাই। নিকেতনৰ প্ৰধান আচাৰ্য সোনামনি কলিতাই আঁত ধৰা অনুষ্ঠানটিত পতাকা উত্তোলন কৰি 
সুনিল বৰুৱাই বহু মহান মনীষীয়ে স্বাধীন ভাৰতৰ বাবে নিজৰ জীৱন পৰ্যন্ত ত্যাগ কৰিছিল।

আজি স্বাধীনতা দিৱস উপলক্ষে আমি সেইসকল মনষীক সোঁৱৰিছো যাৰ চৰম ত্যাগ আৰু কষ্টৰ ফলত আমি আজি এখন স্বাধীন দেশৰ নাগৰিক হিচাপে জীয়াই থকাৰ অধিকাৰ পাইছো।" বুলি মন্তব্য কৰে। অনুষ্ঠানটিত শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্য আচাৰ্যা, ছাত্ৰ ছাত্ৰী আৰু অতিথি সকলে অংশ গ্ৰহণ কৰে।

নগাওঁ