বটদ্ৰৱাৰ গৰৈমাৰীত মৃতদেহ উদ্ধাৰ…

বটদ্ৰৱাৰ গৰৈমাৰীত মৃতদেহ উদ্ধাৰ…

author-image
asomiyapratidin
New Update
বটদ্ৰৱাৰ গৰৈমাৰীত মৃতদেহ উদ্ধাৰ…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও-বটদ্ৰৱা সংযোগী গড়কাপ্তানী পথৰ গৰৈমাৰীত ৰহস্যজনক ভাবে উদ্ধাৰ মৃতদেহ। নিশা সাংঘাটিক হোৱা এটা পথ দুৰ্ঘটনাত এখন চাৰিচকীয়া বাহন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা বাগৰি পৰে দ খাৱৈত। আৰু ঘটনাস্থলীৰ নিশাই স্থানীয় জাজৰি আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে AS 02 CC 6289 নম্বৰৰ টাটা ডি আই বাহনখন। কিন্ত ৰহস্যজনক ভাবে পুৱা স্থানীয় ৰাইজে উক্ত দুৰ্ঘটনা স্থলীত দেখা পাই এটা অচিনাক্ত মৃতদেহ।

Advertisment

আৰক্ষীয়ে জনোৱা মতে দুৰ্ঘটনা সংঘটিত হৈ মৃত্যু হোৱা লোক। কিন্ত স্থানীয় লোকে মৃতদেহ টো উদ্ধাৰত ৰহস্য গোন্ধ পাইছে। দুৰ্ঘটনাত মৃত্যু নে পৰিকল্পিত হত্যাকাণ্ড? আৰক্ষীৰ তদন্তহে পোহৰলৈ আহিব ইয়াৰ প্ৰকৃত ৰহস্য। উল্লেখ্য যে, পুৱাই মৃতদেহ টো উদ্ধাৰক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। যাৰ পৰিপেক্ষিতত নগাঁও-বটদ্ৰৱা সংযোগী গড়কাপ্তানী গৰৈমাৰীত মৃতদেহ টো পত্যক্ষ কৰিবলৈ শ শ লোক গোট খাইচে। মৃতদেহটো নসত্ৰৰ ত্ৰিদীপ শইকীয়া বুলি চিনাক্ত হয়।