/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/HUY.jpg)
ডিজিটেল সংবাদ, বটদ্রৱাঃ জগতগুৰু শ্রী শঙ্কৰদেৱৰ জন্ম আদি লীলা ভূমি বটদ্রৱাত পোন প্রথম বাৰৰ বাবে দৌল উৎসৱ পাতি অনুপম আনন্দদায়ক ফাল্গু উৎসৱৰ পাতনি মেলিছিল। তাহানিতে গুৰুজনে দেখুৱাই যোৱা মহান ঐতিহ্য সৰোগত কৰি পৰম্পৰাগত ধৰ্মীয় সাংস্কৃতিক ৰীতি-নীতিক মূলভেটি হিচাপে লৈ এইবেলিও তেৰাৰ জন্মভূমি বটদ্রৱাত পাঁচদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে মহাআড়ম্বৰ পূৰ্ণভাবে দৌল উৎসৱ বা ফাকুৱা পালন কৰা হৈছে। তিনিদিনীয়া মূল ধৰ্মীয় উৎসৱৰ আজিপ্রথম দিনা গন্ধোৎসৱ।
থানত দিনৰ নিত্য-নৈমিত্তিক প্রসঙ্গ শেষ হোৱাৰ পাছত সন্ধ্যা গায়ন-বায়নে চাহিনী, গুৰুঘাট, ধেমালী আৰু "বাইৰ হুয়া আছে দেখোসই সুন্দৰ নন্দৰ বালা" – শীৰ্ষক গন্ধৰ গীত গাই কীৰ্তন ঘৰৰ পৰা বংশী গোপাল মূৰ্তি (গোঁসাই)ক উলিয়াই আনি অস্থায়ী ভাবে নিৰ্মাণ কৰা গন্ধ ঘৰলৈ নি পিৰিকা ফুল, গান্ধ বিৰিনা, গাঠিয়ন আৰু মিঠিৰে তৈয়াৰ কৰা গন্ধ তেল, মাহ, হালধি আদিৰে নোৱাই-ধুৱাই নৱ বস্ত্র পিন্ধাই অধিবাস কৰোৱা হয় আৰু ইয়াৰ পাছতে গোঁসাইক ৰভাতলত সুজ্জিত কৰি থোৱা দৌলৰ আসনত স্থাপন কৰা হয়।
দৌলৰ আসনত স্থাপন কৰোতে "ভাই দেখো কমলাপতি দৌলৰ উপৰে…" শীৰ্ষক গীত গোৱা হয়। দৌল উৎসৱ উপলক্ষে আজিৰে পৰা বটদ্রৱা থানত অসমৰ বিভিন্ন প্রান্তৰ অগনন ভক্ত-বৈষ্ণৱ, তীৰ্থ যাত্রীৰ সোঁত বৈছে। বটদ্রৱা থান পৰিচালনা সমিতিয়ে যুদ্ধকালিন প্রস্তুতিৰে ভক্ত-বৈষ্ণৱ, তীৰ্থ যাত্রীৰ সেৱা শুশ্রষাৰ কামত মনোনিবেশ কৰিছে। পলাশৰ ৰং বোলোৱা ফাকু গুৰিৰে বটদ্রৱাৰ ৰঙৰ হাট ভৰি পৰিছে। বটদ্ৰৱা দৌল মহোৎসৱত কৃষ্ণ ভক্তিত নিমজ্জিত ভকত বৈষ্ণৱে নান্দনিক পৰিৱেশত গুৰুজনাক স্মৰণ কৰি ভকতিৰ অমিয়া ৰসত একাত্ম হোৱা দেখা গৈছে।