/asomiyapratidin/media/media_files/2026/02/19/new-ap-2026-02-19-10-17-47.jpeg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ভকত বৈষ্ণৱ, বান্ধৱৰ অনুৰোধ ৰক্ষা কৰি বৰদোৱাৰ কীৰ্তন ঘৰৰ দক্ষিনে পঞ্চদশ শতিকাতে সাত থাক কৰি দৌলৰ ভেটি বান্ধি দৌল উৎসৱৰ সূচনা কৰিছিল গুৰু শংকৰে। ২১ বছৰ বয়সত ফাল্গু উৎসৱ বা দৌল উৎসৱ পাতিবৰ বাবে ভূঞা আৰু ভকতৰ হতুৱাই যি দৌল মন্দিৰৰ ভেঁটি বান্ধিছিল, সেই স্থানত হৰিধ্বনিৰে গুৰুজনে নিজে তামৰ চৰিয়াৰে মাটি দি মন্দিৰৰ ভেঁটি নিৰ্মাণ কৰিছিল।
দৌলৰ ভেটি বান্ধি মহাপুৰুষ গুৰুজনে "পূজিবো ঈশ্বৰ ঐত। সিদ্ধ হব কাম....এই ভাবে স্বেতবিলাস, কনকদন্ত বিলাস, সান্তনু বিলাস, সনাতন বিলাস, পুস্প বিলাস, পংকজ বিলাস আৰু গোলোক বিলাস এই সাত বৈকুণ্ঠৰ আৰ্হিৰে সাতঠাক আসন পাতি পোন প্রথম বাৰৰ বাবে অনুপম আনন্দদায়ক ফল্গুৎসৱৰ পাতনি মেলিছিল। তাহানিতে গুৰুজনে দেখুৱাই যোৱা মহান ঐতিহ্যক সৰোগত কৰি পৰম্পৰাগত ধৰ্মীয় সাংস্কৃতিক ৰীতি নীতিক মূল ভেটি হিচাপে লৈ প্রাতি বছৰে বটদ্রৱা থানত মহাআড়ম্বৰপূৰ্ণ ভাবে দৌল উৎসৱ বা ফাকুৱা উৎসৱ উদযাপন কৰা হয়।
এইবেলিও অহা ২ মাৰ্চ ২০২৬ ৰ পৰা ৬ মাৰ্চ,২০২৬ তাৰিখলৈ অনুষ্ঠিত হব শ্ৰীশ্ৰীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱ। বটদ্রৱা থানত পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌলযাত্ৰা মহোৎসৱ পালন কৰা বাবে যুদ্ধকালীন গতিৰে প্রস্তুতি চলিছে। বটদ্ৰৱা থান প্ৰাংগণত চূন তেল সানি পৰিবেশ সুন্দৰ কৰাৰ কামত তৎপৰ হৈছে। ইতিমধ্যে শ্রীশ্রী বটদ্রৱা থান পৰিচালনা সমিতিৰ তত্বাৱধানত মহোৎসৱ নিয়াৰিকৈ পালন কৰিবৰ বাবে কেইবাখনো উপ সমিতি গঠন কৰা হৈছে।
দৌল মহোৎসৱ উপলক্ষে শ্রীশ্রী বটদ্রৱা থান চৌহদত প্রায় ১০ লক্ষাধিক ৰ্তীথ যাত্রী, ভকত বৈষ্ণৱৰ সমাগম হব। ভকত বৈষ্ণৱ, তীৰ্থযাত্ৰী সকলক সুন্দৰকৈ আদৰণি জনোৱাৰ লগতে যাতায়ত, খোৱা পানী, চিকিৎসা সেৱা, আৱাস আদি সকলো সুচল কৰাৰ নিমিত্তে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ তৎপৰতাত লোকনিৰ্মান, জনস্বাস্থ্য কাৰিকৰী বিভাগ, আৰক্ষী প্ৰশাসন, স্বাস্থ্য, বিদ্যুৎ বিভাগ, পৰিবহন বিভাগ আদি সকলো বিভাগে নিজাববীয়া কাৰ্যপন্থা হাতত লৈ তৎপৰতাৰে অগ্ৰসৰ হৈছে। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই নিজে উপস্থিত হৈ সকলো কাম তদাৰক কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us