/asomiyapratidin/media/media_files/2025/12/14/dfdfdf-2025-12-14-17-06-25.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ গৃহমন্ত্ৰী অমিত শ্বাহৰ আগমনক লৈ সম্প্রতি বটদ্ৰৱাত উখল মাখল পৰিৱেশ বিৰাজ কৰিছে। বটদ্ৰৱা প্ৰকল্প মুকলি কৰিবলৈ অমিত শ্বাহৰ বটদ্ৰৱা আগমনৰ পূৰ্বে আজি বটদ্ৰৱাত উপস্থিত অসম চৰকাৰৰ মুখ্য সচিব ডঃ ৰবি কোটা।
বিধায়ক ৰূপক শৰ্মা, অসম আৰক্ষীৰ IGP অখিলেশ কুমাৰ সিং, নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰকে কেইবাগৰাকী শীৰ্ষ প্ৰশাসনিক বিষয়া, আৰক্ষী বিষয়াক লগত লৈ মুখ্য সচিব ডঃ ৰবি কোটাই বটদ্ৰৱা প্ৰকল্পত নিৰ্মাণ হোৱা পৃথিৱীৰ আতাইতকৈ ওখ গুৰু আসন, সত্ৰীয়া সংস্কৃতি প্ৰতিফলিত হোৱা বিভিন্ন কাৰুকাৰ্য্য খটোৱা অতিথি গৃহ, দেৱবাদ্য তালৰ সাজত কলাকেন্দ্ৰ (auditorium), খোলৰ সাজত গৱেষণা কেন্দ্ৰ , নাৱৰ সাজত কৌশল বিকাশ কেন্দ্ৰ , জাপিৰ সাজত নাট ঘৰ, প্ৰবেশদ্বাৰৰ লগতে হেলিপেড আদি পৰিদৰ্শন কৰি শেষ পৰশ দিয়া কামৰ বুজ লয়।
উল্লেখ্য যে, অহা ২৯ ডিচেম্বৰত গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিবলগীয়া বটদ্ৰৱা প্ৰকল্পৰ এই অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৫০ হাজাৰ ভক্ত বৈষ্ণৱৰ সমাগম ঘটিব। দুহেজাৰ গায়ন বায়ন আৰু হেজাৰ হেজাৰ জনে সত্ৰীয়া সংস্কৃতিৰ প্ৰদৰ্শন কৰি আদৰি আনিব গৃহমন্ত্ৰী অমিত শ্বাহক।
ইফালে জাতীয় সাজ পৰিধান কৰি পোনপ্ৰথমবাৰৰ বাবে বটদ্ৰৱা থানলৈ অহা ডঃ ৰবি কোটাই বটদ্ৰৱা থানতো শৰাই নৈবেদ্য আগবঢ়াই সেৱা লয়। তেওঁ বটদ্ৰৱা থানৰ কীৰ্তনঘৰ, পদশিলা, শিলিখা বৃক্ষ দৰ্শন কৰি আপ্লুত হৈ পৰে। পাছত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যালয়ত ডঃ ৰবি কোটাক পৰিচালনা সমিতিৰ সভাপতি অম্লান জ্যোতি দেৱ গোস্বামী আৰু সাধাৰণ সম্পাদক লাচিত বৰদলৈয়ে গামোছা, চেলেং, শৰাইৰে আদৰনি জনোৱা হয়। বটদ্ৰৱা থানত ডঃ ৰবি কোটাক থান পৰিচালনা সমিতিৰ সভাপতি, সম্পাদকৰ লগতে উপদেষ্টা ব্ৰজেন কাকতি, ইন্দ্ৰমোহন বৰুৱাকে আদি কৰি সদস্য সকলে সংগ প্ৰদান কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us