/asomiyapratidin/media/media_files/2025/11/04/ijjjd-2025-11-04-22-48-00.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত তথা শৈক্ষিক, বৌদ্ধিক, সাংস্কৃতিক চৰ্চা কেন্দ্ৰ শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানত আজি নৱগঠিত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি অম্লান জ্যোতি দেৱ গোস্বামী আৰু সাধাৰণ সম্পাদক লাচিত বৰদলৈক চেলেং গামোছাৰে সম্বৰ্ধনা জনোৱা হয়।
শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ ভাৰপ্ৰাপ্ত সভাপতি অতুল মহন্তৰ পৌৰহিত্যত অনুষ্ঠিত সভাত সম্বৰ্ধনা গ্ৰহণ কৰি নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ অম্লান জ্যোতি দেৱ গোস্বামীয়ে সত্ৰাধিকাৰৰ ধূপ নিৰ্মলী লোৱাৰ পাছত মহাপুৰুষ শংকৰদেৱৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতিৰ দৰে গুৰু দ্বায়িত্বভাৰ জীৱনত প্ৰথমবাৰৰ বাবে গ্ৰহণ কৰি গুৰুজনাৰ শ্ৰীচৰণত সেৱা নিবেদি সকলো ভকত বৈষ্ণৱৰ দিহা পৰামৰ্শৰে আগবঢ়ি যাম বুলি বক্তব্য দাঙি ধৰে।
ইফালে সাধাৰণ সম্পাদক লাচিত বৰদলৈয়েও "এয়া গুৰুজনাৰ কৃপা। এক সংকটপূৰ্ণ সময়ৰ পাছত আমি এই গুৰুদায়িত্ব লবলৈ আগবাঢ়িছোঁ। মই বটদ্ৰৱা থানৰ গুনগৰিমা অটুট ৰাখি, উন্নয়ন স্বাৰ্থত সকলো ৰাইজৰ দিহা পৰামৰ্শ আৰু সহযোগীতা কামনা কৰিলো।" বুলি প্ৰকাশ কৰে।
শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ উপসভাপতি দিলীপ গোস্বামী, সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱা, সহকাৰী সম্পাদক তুৱাৰাম বৰুৱা, গৱেষণা প্ৰতিষ্ঠান আৰু নৱগঠিত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সদস্যা সবিতা বৰা, শিল্পী, শিক্ষক, প্ৰকৃতিবিদ তথা নৱগঠিত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সদস্য বুধেন চন্দ্ৰ বৰাকে আদি কৰি কেইবাগৰাকী ব্যক্তিয়ে ভাষণ প্ৰদান কৰা গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটিত শিল্পী ৰঞ্জিত মহন্ত, মৃদুল দত্ত বৰুৱা, মন্টু বৰাকে আদি কৰি শতাধিক লোক উপস্থিত থাকে। (ফটো পঠিওৱা হৈছে)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us