/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/seee.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অসমীয়া জাতিক গীত মাত নৃত্য, নাটক -কলা-সংস্কৃতি সকলোখিনি দি গৈ এক শ্ৰেষ্ঠ জাতি হিচাপে চিনাকি কৰি থৈ গৈছে। আৰু এই গুৰুজনাৰ পূন্যস্থান বটদ্ৰৱাৰ নাটক কৰ্মশালাত উপস্থিত থাকি মই ধন্য হৈ পৰিছোঁ। এই মন্তব্য বিশিষ্টা অভিনেত্ৰী চেতনা দাসৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ থানৰ ঐতিহ্যমণ্ডিত আকাশী গংগাৰ তীৰত অনুষ্ঠিত নাটক কৰ্মশালাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য কৰে চেতনা দাসে।
মাধৱ সংস্কৃতি ন্যাসৰ উদ্যোগত, ৰামধেনু সমন্বয় গোষ্ঠীৰ সহযোগত যোৱা ১ নৱেম্বৰৰ পৰা অনুষ্ঠিত হৈ আছিল নাটক কৰ্মশালা। সংস্কাৰ ভাৰতীৰ উত্তৰ পূৱৰ ক্ষেত্ৰপ্ৰমূখ তথা মৰিগাঁও মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক ডঃ ধনঞ্জয় কুশ্ৰেৰ সভাপতিত্বত অনুষ্ঠিত সামৰণি অনুষ্ঠানটিত অংশ গ্ৰহণ কৰি অখিল ভাৰতীয় লোককলা মহোৎসৱৰ সঞ্চালক ৰাজীৱ দত্ত, মঞ্চ, চলচ্চিত্ৰ অভিনেতা, পৰিচালক ৰাজীৱ বৰঠাকুৰে ভাষন প্ৰদান কৰে।
বটদ্ৰৱাৰ শলগুৰি সত্ৰ, নৰোৱা সত্ৰ, বালিসত্ৰ, নসত্ৰ, ৰাইডঙীয়া, ধিং অঞ্চলৰ শিশু, কিশোৰী কিশোৰী, যুৱক যুৱতী সহ অৰ্ধশতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰা সাতদিনীয়া কৰ্মশালা খনিত অসম চলচিত্ৰ বিত্ত আৰু উন্নয়ণ নিগমৰ উপাধ্যক্ষ ড° আলেখ্য বৰুৱা, অসমীয়া ধাৰাবাহিক, এমেচাৰ নাটকৰ জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী বৰা, ডা০ জয়শ্ৰী পাঠক, শোনিত কুমাৰ বৰা, কুমুদ বৰদলৈ, ড০ শুকদেৱে অধিকাৰীকে প্ৰমুখ্য কৰি কেইবাগৰাকী নাটক চলচ্চিত্ৰ জগতৰ কলাকুশলীয়ে প্ৰশিক্ষণ প্ৰদান কৰিছিল।
ৰাষ্ট্ৰ সেৱীকা সমিতিৰ নগাঁও বিভাগ কাৰ্যবাহীকা কবিতা কুশ্ৰে, প্ৰদীপ কলিতা, মুনীন্দ্ৰ ভূঞা, মিন্টু বৰুৱা, পৰাগ জ্যোতি কলিতা, ৰাজীৱ মহন্ত, জোনা ফুকন বৰুৱা, মানসী বৰুৱা দেৱী, লক্ষ্যধৰ তালুুকদাৰ, গিৰিশ বৰুৱা, পল্লবীতা মহন্তকে প্ৰমুখ্য কৰি কেইবাগৰাকী ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিৰ শেষত শলাগৰ শৰাই আগবঢ়াই দিব্যজ্যোতি বৰুৱাই।