সহস্ৰাধিক ভক্ত-বৈষ্ণৱে উদুলি মুদুলি গুৰুজনাৰ জন্মস্থানৰ বটদ্রৱাৰ দৌল উৎসৱ…

সহস্ৰাধিক ভক্ত-বৈষ্ণৱে উদুলি মুদুলি গুৰুজনাৰ জন্মস্থানৰ বটদ্রৱাৰ দৌল উৎসৱ…

author-image
asomiyapratidin
New Update
সহস্ৰাধিক ভক্ত-বৈষ্ণৱে উদুলি মুদুলি গুৰুজনাৰ জন্মস্থানৰ বটদ্রৱাৰ দৌল উৎসৱ…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ শংকৰ গুৰুজনাই ফাল্গু পূৰ্ণিমাত বটদ্ৰৱাত পোন প্রথম বাৰৰ বাবে ফাল্গু উৎসৱ অৰ্থাৎ ফাকুৱা পাতি গোবিন্দ গোসাঁই মুৰত ফাকু দি অনুপম আনন্দদায়ক ফল্গুৎসৱৰ পাতনি মেলিছিল। তাহানিতে গুৰুজনে দেখুৱাই যোৱা মহান ঐতিহ্যক সৰোগত কৰি পৰম্পৰাগত ধৰ্মীয় সাংস্কৃতিক ৰীতি নীতিক মূল ভেটি হিচাপে লৈ প্রাতি বছৰে বটদ্রৱাত মহাআড়ম্বৰপূৰ্ণ ভাবে দৌল উৎসৱ বা ফাকুৱা উৎসৱ উদযাপন কৰা হয়।

Advertisment

এইবাৰো শ্রীশ্রী বটদ্রৱা ধামত পৰম্পৰাগত ৰীতি নীতিৰে যোৱা কালিৰে পৰা পাঁচ দিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে আড়ম্বৰপূৰ্ণ ভাৱে চলি আছে দৌল উৎসৱ। দেওবাৰে কাৰ্যসূচীৰ দ্বিতীয় দিনা পুৱা তাল কোবোৱা, মঞ্জিৰা নাম, আইসকলৰ নাম প্ৰসঙ্গ, খোল প্ৰসঙ্গ, ডেৰপৰীয়া নাম প্ৰসঙ্গ আদি থানৰ নিত্য-নৈমিত্তিক চৈধ্য প্রসঙ্গৰ উপৰিও উদযাপিত হয় দৌল উৎসবৰ মূল আৰ্কষন গোসাঁই মুৰত ফাকু দিয়া উৎসৱ।

আবেলি ২ বজাত গায়ন বায়নে গুৰুঘাট, চাহিনী, ন-ধেমালি গাই "ফাকু খেলে কৰুণাময় এ নন্দ কুমাৰ"-শীষক গীতৰ মাজেৰে 'গোসাঁই মুৰত ফাকু দিয়া উৎসৱ' সমাপন কৰে। ভকত বৈষ্ণৱৰ গোবিন্দ গোসাঁইক আসনত আসনত বহুৱাই পূজা অৰ্চনা কৰি নৱ বস্ত্ৰ পৰিধান কৰোৱাই আয়তীৰ উৰুলিৰ হৰিধ্বনিৰ মাজেৰে গোসাঁই শিৰত ফাকু দিয়া হয়। ইফালে ফাকুৱা উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ তীৰ্থযাত্রী, ভকত বৈষ্ণৱৰ উপস্থিতিত হৰি নাম কীৰ্ত্তনত দ্বিতীয় বৈকুণ্ঠলৈ পৰিনত হয় বটদ্ৰৱা থান।