/asomiyapratidin/media/media_files/2026/02/01/new-ap-w-2026-02-01-17-14-07.jpeg)
ডিজিটেল ডেস্কঃ আজি মাঘী পূৰ্ণিমা। এই মাঘী পূৰ্ণিমাৰ পবিত্ৰ দিনটোতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ নৱনিৰ্মিত বটদ্ৰৱা প্ৰকল্প তথা শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ দৰ্শনাৰ্থীৰ দৰ্শনৰ বাবে মুকলি কৰা হয়। শনিবাৰে এক জাননীযোগে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এই কথা ঘোষণা কৰিছিল। শ্ৰীশ্ৰী বটদ্ৰৱা থানলৈ অহা ভকত-বৈষ্ণৱ, বাপ-বান্ধৱ, আই-মাতৃ আৰু পৰিয়ালবৰ্গক শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ দৰ্শনৰ বাবে আজিৰে পৰা পৰা সুবিধা প্ৰদান কৰা হৈছে। দৰ্শনৰ সময়: পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬ বজা পর্যন্ত।
/asomiyapratidin/media/post_attachments/e28ddf0c-518.png)
উল্লেখ্য যে, এই পবিত্ৰ আৱিৰ্ভাৱ ক্ষেত্ৰটি দৰ্শন কৰিবলৈ অহা প্ৰতিগৰাকী ভক্তপ্ৰাণ ৰাইজ তথা দৰ্শনাৰ্থীয়ে যাতে ধৰ্মীয় পৰিৱেশৰ গাম্ভীৰ্য ৰক্ষা কৰি সম্পূৰ্ণ শৃংখলাবদ্ধভাৱে দৰ্শন কৰাৰ লগতে সমগ্ৰ ক্ষেত্ৰখনৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা অটুট ৰাখে, তাৰ বাবে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই বিনম্ৰ অনুৰোধ জনাইছে। লগতে আয়ুক্ত গৰাকীয়ে বিশেষভাৱে অনুৰোধ জনাইছে যে কোনো দৰ্শনাৰ্থীয়ে যেন এই পবিত্ৰ স্থানৰ মৰ্যাদা লাঘৱ হোৱাকৈ অশোভনীয় পোচাক পৰিধান কৰি এই ক্ষেত্ৰৰ ভিতৰত কোনো ধৰণৰ সংগীত ভিডিঅ’অথবা ৰীলছ আদি প্ৰস্তুত নকৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/01/whatsapp-image-2026-2026-02-01-17-14-49.jpeg)
ইপিনে শনিবাৰে এক জাননীযোগে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই বহু কথা উল্লেখ কৰে। সকলো ধৰণৰ বাহনৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ। কোনো ধৰণৰ খাদ্য সামগ্রী নিয়াৰ অনুমতি নাথাকিব। ধূমপান, মাদক দ্রব্য, তামোল পান,পান মচলা, গুটখা আদি ব্যৱহাৰত সম্পূৰ্ণৰূপে বাধা আৰোপ কৰা হৈছে। লগতে দর্শনার্থীসকলে নিজৰ সামগ্ৰী নিজৰ দায়িত্বত ৰাখিব লাগিব। দৰ্শনাৰ্থীৰ সামগ্ৰী হেৰালে কর্তৃপক্ষ দায়ী নহ'ব। দর্শনার্থীসকলে নিয়ম শৃংখলা বৰ্তাই ৰাখি নিৰ্দিষ্ট কৰা প্ৰৱেশদ্বাৰেদি শাৰী পাতি প্ৰৱেশ কৰিব লাগিব। নিৰাপত্তাৰক্ষীৰ প্রতি সম্পূর্ণ সহযোগিতা আগবঢ়াবলৈ দর্শনার্থীসকলক অনুৰোধ জনোৱা হ'ল।
তদুপৰি আৱর্জনা পেলোৱা সম্পূর্ণ নিষিদ্ধ। আৱর্জনা পেলাবলৈ নির্দিষ্ট ঠাইত ডাষ্টবিন ব্যৱহাৰ কৰিব পাৰিব। আৱৰ্জনা য’তে-ত’তে পেলালে বিহিত ব্যৱস্থা গ্রহণ কৰা হ'ব। নীৰৱতা, শালীনতা আৰু শৃংখলা বজাই ৰাখিব লাগিব। প্রাঙ্গণৰ কোনো সম্পত্তি ক্ষতিগ্রস্ত কৰিলে দণ্ডনীয় ব্যৱস্থা লোৱা হ'ব। জাননীযোগে জনোৱা হয় যে- আবিৰ্ভাৱ প্রাঙ্গণৰ ভিতৰত উচ্চস্বৰে কথা-বতৰা, হুলস্থুল, অথবা অশালীন আচৰণ নিষিদ্ধ। থুই বা পিক পেলোৱা সম্পূৰ্ণৰূপে নিষিদ্ধ। ফুল, গছ-গছনি আদি ছিঙা সম্পূৰ্ণৰূপে নিষিদ্ধ। প্রাঙ্গণৰ ভিতৰত থকা নিৰ্ধাৰিত শৌচাগাৰহে ব্যৱহাৰ কৰিব লাগিব। কোনো ধর্মীয় বিশ্বাসৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য বা আচৰণ নিষিদ্ধ। বিদ্রূপ, উপহাস, অশালীন ভাষা বা অসন্মানজনক আচৰণ সহ্য কৰা নহ'ব।
/asomiyapratidin/media/post_attachments/ad1668dc-3ed.png)
পৰিৱেশ বিঘ্নিত কৰা কোনো কাৰ্য বা আচৰণ কঠোৰভাৱে নিষিদ্ধ কৰাৰ লগতে কিছুক্ষেত্ৰত জৰিমনা নিৰ্ধাৰণ কৰা হৈছে। শ্রীমন্ত শংকৰদেৱ আবির্ভাৱ ক্ষেত্র চৌহদত আবর্জনা পেলালে ১,০০০ টকা, ফুল, গছ-গছনি ছিঙিলে বা ক্ষতি কৰিলে ১,০০০ টকা, নিৰ্ধাৰিত শৌচাগাৰ ব্যৱহাৰ নকৰি অন্য ঠাইত অশুচি কাৰ্য কৰিলে ১,০০০ চকা, কোনো ধৰণে ধর্মীয় অনুভূতিত আঘাত হানে এনে বাক্য, আচৰণ বা কাৰ্য কৰিলে ১,০০০ টকা, ধূমপান, মাদক দ্রব্য, তামোল পান, পান মচলা, গুটখা আদি ব্যৱহাৰত ৫,০০০ টকা জৰিমনা নিৰ্ধাৰণ কৰা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us