/asomiyapratidin/media/media_files/2025/10/25/ujjjd-2025-10-25-22-26-59.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ চিৰাং বাসুগাঁও চহৰৰ সৰকাৰ ব্ৰাদাৰ্ছ আৰু চাউণ্ড নামৰ এখন ব্যবসায়ীক প্ৰতিষ্ঠানত শনিবাৰ সন্ধিয়াৰ ভাগত কাজলগাঁও থানাৰ আৰক্ষীৰ এটা দলে অভিযান চলাই ৭ টাকৈ ১২ ভল্টৰ চুৰি যোৱা বেটাৰী উদ্ধাৰ কৰে। এক বিশেষ সুত্ৰৰ তথ্যৰ ভিত্তিত বাসুগাঁও চহৰৰ মেইনৰোড স্থিত অন্যতম পুৰণি ব্যবসায়ী প্ৰতিষ্ঠানত আৰক্ষীয়ে অভিযান সন্দৰ্ভত আৰক্ষীৰ লোকে জানিবলৈ দিয়া মতে কাজলগাঁও থানাৰ আৰক্ষীয়ে গোপন সুত্ৰৰ তথ্যৰ ভিত্তিত মটৰচাইকেল চুৰিকাণ্ড জড়িত থকাৰ অভিযোগত চিদলী থানা এলেকাৰ নৰ্থ কলাবাৰীৰ দুৰ্ধৰ্ষ মটৰচাইকেল চোৰ নিজৌম বসুমতাৰী আৰু গাৰ্লাবাৰী গাঁৱৰ এলিজা নাৰ্জাৰীক আটক কৰিছিল।
আৰক্ষীয়ে ধৃত মটৰচাইকেল চোৰ দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত বহুকেইখন চুৰি যোৱা মটৰচাইকেল উদ্ধাৰ কৰিছিল । উক্ত চোৰ দুজনে মটৰচাইকেল চুৰি কৰাৰ উপৰি সুযোগ পালেই ই-ৰিক্সাৰ পৰা বেটাৰীয়ো চুৰি কৰি বিভিন্ন ঠাইত বিক্ৰী কৰিছিল। ধৃত চোৰ দুজনে বিগত সময়ত তেনেকুৱা বহু সংখ্যক ই-ৰিক্সা, ট্ৰেক্টৰ, ট্ৰাকৰ পৰা চুৰ কৰা বেটাৰি বাসুগাঁও চহৰৰ উত্তম সৰকাৰৰ ব্যবসায়ী প্ৰতিষ্ঠানক কম দামত বিক্ৰী কৰা বুলি স্বীকাৰোক্তি প্ৰদান কৰিছিল।
সেই স্বীকাৰোক্তিৰ ভিত্তিত আজি কাজলগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰিতুল মনি দাসৰ নেতৃত্বত ধৃত মটৰচাইকেল চোৰ দুজনক লগত লৈ এটা আৰক্ষীৰ দলে বাসুগাঁও থানাৰ আৰক্ষীৰ সহযোগত সৰকাৰ ব্ৰাদাৰ্ছ আৰু চাউণ্ড নামৰ ব্যবসায়ীক প্ৰতিষ্ঠানত অভিযান চলায়। অভিযান কালত ব্যবসায়ী প্ৰতিষ্ঠানটোৰ পৰা চুৰিযোৱা ৭ টাকৈ ১২ ভল্টৰ বেটাৰী উদ্ধাৰ কৰে। আৰক্ষীৰ সুত্ৰই দাবী কৰা মতে বিগত দুবছৰ ধৰি উক্ত ব্যবসায়ী প্ৰতিষ্ঠানৰ গৰাকী উত্তম সৰকাৰে চুৰি কৰি অনা বেটাৰী ক্ৰয় কৰি ব্যবসায় চলাই আছিল বুলি দাবী কৰে।
উল্লেখ্য যে আজি আৰক্ষীৰ অভিযান চলাকালীন ব্যবসায়ী প্ৰতিষ্ঠানটোৰ গৰাকী উত্তম সৰকাৰ ঘৰত নাছিল । পৰবৰ্তী সময়ত আৰক্ষীৰ অভিযানৰ তথ্য লাভ কৰি পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে । ইপিনে বাসুগাঁও চহৰৰ অতি পৰিচিত ব্যবসায়ীক প্ৰতিষ্ঠানত আৰক্ষীৰ অভিযান আৰু চুৰি যোৱা বেটাৰী উদ্ধাৰ হোৱা ঘটনা পোহৰলৈ অহাৰ পিছত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us