/asomiyapratidin/media/media_files/2025/08/07/basugaon-2025-08-07-16-29-13.jpg)
ডিজিটেল সংবাদ, চিৰাং: চিৰাং জিলাৰ অন্যতম ব্যৱসায়কেন্দ্ৰিক চহৰ বাসুগাঁৱত সাপ্তাহিক বজাৰত শ্ৰম বিভাগৰ আইন অমান্য কৰাৰ অভিযোগেৰে একাংশ ব্যৱসায়ীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আন একাংশ ক্ষুদ্ৰ ব্যৱসায়ীয়ে। উল্লেখ্য যে শ্ৰম বিভাগৰ নীতি নিয়ম অনুসৰি প্ৰতি বৃহস্পতিবাৰে বাসুগাঁও পৌৰসভা এলেকাৰ নিৰ্দিষ্ট কিছু ব্যৱসায়ীক প্ৰতিষ্ঠান যেনে ঔষধৰ ফাৰ্মাচী, খাদ্য সামগ্ৰী বিক্ৰী কৰা হোটেল, ৰেষ্টুৰেন্ট বাদ দি সকলো ধৰণৰ স্থায়ী ব্যবসায়ীক প্ৰতিষ্ঠানসমূহ বন্ধ ৰাখিব লাগে।
সেই মৰ্মে বাসুগাঁও চহৰৰ অধিকাংশ ব্যৱসায়ীক প্ৰতিষ্ঠান প্ৰতি বৃহস্পতিবাৰে বন্ধ ৰাখি দোকানৰ কৰ্মচাৰীসকলক ছুটি দিয়া হয়। কিন্তু শ্ৰম বিভাগৰ নীতি, নিয়ম অমান্য কৰি একপ্ৰকাৰ দাদগিৰি কৰি বাসুগাঁও চহৰৰ একাংশ দুষ্ট প্ৰকৃতিৰ ব্যৱসায়ী প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে সাপ্তাহিক বন্ধৰ দিনাটোত দোকান খুলি কৰ্মচাৰীসকলক বলপূৰ্বক কাম কৰিবলৈ বাধ্য কৰাৰ অভিযোগ উত্থাপিত হৈছে।
৯০ শতাংশ দোকান-পোহাৰ বন্ধ থকাৰ সুযোগ গ্ৰহণ কৰি কিছু ঠেক মানসিকতাৰ ব্যৱসায়ীয়ে নিজৰ দোকান খুলি ব্যৱসায় কৰে। ইয়াকে দেখি বাকি ব্যৱসায়ীসকলেও নিজৰ নিজৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে।
ইয়াকে লৈ যোৱা কিছুদিন ধৰি বাসুগাঁও পৌৰসভা এলেকাৰ অন্যান্য ব্যৱসায়ীসকলৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্ট হয়। আজি বাসুগাঁও চকবজাৰ ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ ব্যবসায়ীসকলে একত্ৰিত হৈ শ্ৰম আইন উলংঘনকাৰীসকলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আৰু শ্ৰম বিভাগৰ আইন উলংঘন কৰা ব্যৱসায়ীসকলৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
গুৰু, গোঁসাই নমনা এই ব্যৱসায়ীসকলৰ বিৰুদ্ধে যদি বিভাগীয় ভাবে ব্যবস্থা গ্ৰহণ নকৰে তেনেহলে ব্যৱসায়ী সন্থাই গণতান্ত্ৰিক ভাবে আন্দোলন কৰিবলৈ বাধ্য হ’ব বুলি সকিয়নী প্ৰদান কৰে। আনপিনে বাসুগাঁও চহৰৰ মূল পথত থকা মাতৃ ভাণ্ডাৰ, বসাক লাইব্ৰেৰী, আল্পনা ড্ৰেচ হাউচ, সাহা চাইকেল ষ্টোৰ, স্বস্তি গ্ৰন্থাগাৰ, শিবা ইলেক্ট্রিকেলচ্ আদি ব্যৱসায়ীক প্ৰতিষ্ঠানে শ্ৰম বিভাগৰ নীতি নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই প্ৰতি বৃহস্পতিবাৰে আংশিক ভাবে হলেও দোকান খুলি ৰাখি ব্যৱসায় কৰি থাকে।
উল্লেখ্য যে ইয়াৰে অধিকাংশ ব্যৱসায়ীক প্ৰতিষ্ঠানক কেইবামাহৰ আগতে কোকৰাঝাৰৰ পৰা অহা শ্ৰম বিভাগৰ বিষয়াসকলৰ এটা দলে সকিয়াই দি কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল। কিন্তু তাৰ পিছতো এইসকল ব্যৱসায়ীক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে শ্ৰম বিভাগক এক প্ৰকাৰৰ প্ৰত্যাহ্বান জনাই নিয়ম উলংঘা কৰি ব্যৱসায় চলাই গৈছে। এইসকল শ্ৰম আইন ভংগকাৰীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে।