নগাঁৱৰ বাসন্তী শইকীয়া আৰু নাই...

নগাঁৱৰ পূব আমোলাপট্টিৰ সৰগম ষ্টুডিও উপপথৰ বাসিন্দা বাসন্তী শইকীয়া(বিবি ৭২) সোমবাৰে পুৱা নিজ বাসভৱনত শ্বাস প্ৰশ্বাসজনিত ৰোগত মৃত্যু হৈছে

author-image
Asomiya Pratidin
New Update
dangor-khobr-19

ডিজিটেল সংবাদ, নগাঁও : নগাঁৱৰ পূব আমোলাপট্টিৰ সৰগম ষ্টুডিও উপপথৰ বাসিন্দা বাসন্তী শইকীয়া(বিবি ৭২) সোমবাৰে পুৱা নিজ বাসভৱনত শ্বাস প্ৰশ্বাসজনিত ৰোগত মৃত্যু হৈছে। মৃত্যুৰ সময়ত একমাত্র পুত্র প্ৰশান্ত (পাপু) আৰু বিবাহিত জীয়ৰী কাবেৰী (পামী) আৰু জোৱাই ,নাতিকে ধৰি ইষ্ট কুটুমক এৰি থৈ গৈছে।

নগাঁৱৰে মৰিকলংৰ সোমেশ্বৰ শইকীয়া আৰু শান্তিমালা শইকীয়াৰ সাতটি সন্তানৰ প্রথম বাসন্তী শইকীয়াৰ স্বামী  দেওধৰ বাপুজী উচ্চতৰ মাধ্যমিকৰ শিক্ষক হেমেন শইকীয়াৰ ১৯৯৬তে মৃত্যু ঘটিছিল । শান্ত সমাহিত বাসন্তী শইকীয়াক প্রথম নগাঁৱৰ নিদান হাস্পতাল পিছলৈ উন্নত চিকিৎসাৰ বাবে দিছপুৰ পলিক্লিনিকলৈ লৈ যোৱা হয় যদিও তাৰ চিকিৎসকে একো সম্ভাৱনা নেদেখি দেওবাৰে স্বগৃহলৈ পঠাই দিয়ে।

ৰাতিটো থাকি সোমবাৰে পুৱা তেওঁ শেস নিশ্বাস লয়। পিছত দুপৰীয়াৰ ভাগলৈ আমোলাপট্টিৰ শিৱস্থান শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।

নগাঁও