/asomiyapratidin/media/media_files/2025/08/24/163-2025-08-24-15-27-10.jpg)
ডিজিটেল সংবাদ, আমগুৰি : আমগুৰি আউনীআটি শাখা সত্ৰ (ভূঞাহাট)ৰ ৰাজমেধি বসন্ত কুমাৰ হাজৰিকাৰ শনিবাৰে নিশা ১১-৫৫ বজাত পৰলোকপ্ৰাপ্তি ঘটে। গুৱাহাটীৰ এখন ব্যক্তিগত নাৰ্ছিংহোমত চিকিৎসাধীন অৱস্থাত তেখেতৰ মৃত্যু ঘটে।
বৰ আতা বুলি জনাজাত হাজৰিকাৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৭ বছৰ। ডেৰগাঁৱত জন্মগ্ৰহণ কৰা হাজৰিকাই ৪-৫ বছৰ বয়সতে মাজুলী আউনীআটি সত্ৰত বৈষ্ণৱ হিচাপে থাকিবলৈ লয়।
উল্লেখ্য যে সত্ৰাধিকাৰ প্ৰভুঈশ্বৰ বিষ্ণুচন্দ্ৰ দেৱৰ লগত মাজুলীৰ আউনীআটি সত্ৰত তেখেতে বিশেষ পদত কাৰ্যনিৰ্বাহ কৰিছিল। ৬২-৬৩ চন মানৰ পৰা তেখেতে আমগুৰিৰ ভূঞাহাট শাখা সত্ৰত মৃত্যুৰ আগলৈকে কাৰ্যনিৰ্বাহ কৰি আধ্যাত্মিক দিশত ৰাইজক আকৃষ্ট কৰিবলৈ সক্ষম হৈছিল।
তেখেতৰ দিনতে ভূঞাহাট শাখা সত্ৰখন পূৰ্ণাংগ ৰূপত গঢ় লৈ উঠিছিল। তেখেতৰ মৃত্যুত মাজুলীৰ লগতে আমগুৰিত গভীৰ শোকৰ ছাঁ পৰে।