/asomiyapratidin/media/media_files/2025/07/23/web-ap-basanta-2025-07-23-09-29-55.jpg)
ডিজিটেল ডেস্কঃ দুহাত মেলি শূন্যতাত আৰু স্বপ্ন দুস্বপ্নৰ ভগ্নাংশৰ দৰে সাহিত্যৰ সৃষ্টিকৰ্তা সাহিত্যচাৰ্য ড0 বসন্ত কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসানৰ খবৰে সকলোকে মৰ্মাহত কৰিছে। অসমীয়া সাহিত্যত জগতলৈ অনবদ্য অৱদান আগবঢ়োৱা বিশিষ্ট সাহিত্যিক, সমালোচক, অধ্যাপক, নাট্যকাৰ, ‘নলবাৰী ৰত্ন’ ড0 বসন্ত কুমাৰ ভট্টাচাৰ্যৰ ১৯৪২ চনত নলবাৰীৰ বাউসীয়াপাৰা গাঁৱত জন্মগ্ৰহণ কৰিছিল।
ড0 বসন্ত কুমাৰ ভট্টাচাৰ্য সৰুৰে পৰা অতি মেধাৱী আছিল । ১৯৬৬ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী আৰু ১৯৯৬ চনত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল । ১৯৬৭ চনত সাহিত্যিক ড0 ভট্টাচাৰ্যই সৰভোগৰ বৰনগৰ কলেজত অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল ।
ইয়াৰ পিছত তেওঁ ১৯৬৮ চনত নলবাৰী কলেজত অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে কাম কৰি ২০০২ চনত মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে । সাহিত্যিক তথা অধ্যাপক গৰাকীয়ে পঢ়ি থকাৰ সময়ছোৱাৰে পৰা লিখা-মেলাৰ কাম আৰম্ভ কৰিছিল ৷ প্ৰথম অৱস্থাত বিভিন্ন আলোচনী, বাতৰি কাকত আদিত লিখা-মেলা কৰিছিল যদিও পৰৱৰ্তী সময়ত ৭৫ খনকৈ গ্ৰন্থ প্ৰকাশ কৰে সাহিত্যিকগৰাকীয়ে ।
তেওঁৰ গ্ৰন্থসমূহৰ ভিতৰত ভাষা বিজ্ঞান প্ৰৱেশ, দুহাত মেলি শূন্যতাত, স্বপ্ন দুস্বপ্নৰ ভগ্নাংশ, লফা হালি পৰে পাতে আদি অন্যতম ৷ উল্লেখ্য় যে, সাহিত্যিকৰ লগতে নাট্যকাৰ হিচাপেও পৰিচিত ড0 বসন্ত কুমাৰ ভট্টাচাৰ্য ৷ তেওঁ লিখা বহুকেইখন নাট অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰত ইতিমধ্যে মঞ্চস্থ কৰা হৈছে ৷ তেওঁৰ তীক্ষ্ণ কলমত সৃষ্টি হৈছে একাংকিকা নাটৰ পৰা আৰম্ভ কৰি পূৰ্ণাংগ নাট ।
ভ্ৰাম্যমাণত মঞ্চস্থ হোৱা তেওঁৰ নাটসমূহ হৈছে- ক্লান্তি কল্লোল, শতাব্দীৰ মৃত্যু, জীৱন কল্লোল, খোজ ইত্যাদি । তেওঁৰ দ্বাৰা ৰচিত নাটসমূহ সুৰাদেৱী থিয়েটাৰ, লখিমী থিয়েটাৰ, ৰূপকোঁৱৰ থিয়েটাৰ, বিষ্ণু জ্যোতি থিয়েটাৰ, উপহাৰ থিয়েটাৰ আৰু মহামন্দ শৰ্মাৰ দ্বাৰা পৰিচালিত অস্পৰা থিয়েটাৰত মঞ্চস্থ কৰা হৈছে ।
বহুকেইটা গুণৰ অধিকাৰী হৈয়ো কিন্তু এক সাধাৰণ জীৱন-যাপন কৰিছিল সাহিত্যিক বসন্ত কুমাৰ ভট্টাচাৰ্যই । সাহিত্যিক তথা নাট্যকাৰ ড0 ভট্টাচাৰ্যক বিভিন্ন সন্মানেৰে সন্মানিত কৰা হৈছিল ৷ সমন্বয় বঁটা, ৰামধেনু বঁটা, এনাজৰী বঁটা, অসম নাট্য সন্মিলনৰ দ্বাৰা কৃপানাথ বৈশ্য সাহিত্য বঁটাৰে তেওঁক সন্মানিত কৰা হৈছিল ৷
২০১৬ চনত ড0 ভট্টাচাৰ্যক অসম সাহিত্য সভা সমাৱৰ্তন পৰম বিশিষ্ট সন্মান ‘সাহিত্যচাৰ্য’ উপাধিৰে সন্মানিত কৰা হৈছিল । ২০১৪ চনত নলবাৰী সাহিত্য সভাই তেওঁক ‘নলবাৰী ৰত্ন’ বঁটা প্ৰদান কৰিছিল।