আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত অসম বার্তাজীৱী সংঘৰ প্রতিবাদী কাৰ্যসূচী

বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ ওপৰত আক্রমণ, সংবাদ মাধ্যমৰ গাড়ী জ্বলাই দিয়া ঘটনা গণতন্ত্ৰৰ পৰিপন্থী। প্রতিবাদৰ নামত সাংবাদিকক আক্রমণ কৰা কাৰ্যক তীব্ৰ গৰিহণা দি সংঘই ভবিষ্যতে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকলোকে আহ্বান জনায়।

author-image
Asomiya Pratidin
New Update
reterewe

ডিজিটেল সংবাদ, গুৱাহাটীঃ সাংবাদিকৰ ওপৰত হোৱা আক্ৰমণৰ বিৰুদ্ধে গৰজি উঠিল অসম বাৰ্তাজীৱী সংঘ। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মা, পৰেশ বৈশ্য, সন্দীপন গার্গ, নন্দেশ্বৰ বৰাক বাক্সা জিলা কাৰাগাৰলৈ নিয়াৰ সময়ত কাৰাগাৰ প্ৰাংগণত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ মাজতে একাংশই এটা চেটেলাইট চেনেলৰ এখন গাড়ী জ্বলাই দিয়াৰ লগতে কেইবাগৰাকী সাংবাদিককো আক্ৰমণ কৰা ঘটনাক তীব্র গৰিহণা দিছে অসম বার্তাজীৱী সংঘই।

এক বিবৃতিত সংঘৰ সভাপতি মধুসূদন মেধি, উপ-সভাপতি অঞ্জন কুমাৰ শৰ্মা আৰু সাধাৰণ সম্পাদক মুকুটৰাজ শৰ্মাই সদৰী কৰে যে, বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ ওপৰত আক্রমণ, সংবাদ মাধ্যমৰ গাড়ী জ্বলাই দিয়া ঘটনা গণতন্ত্ৰৰ পৰিপন্থী। প্রতিবাদৰ নামত সাংবাদিকক আক্রমণ কৰা কাৰ্যক তীব্ৰ গৰিহণা দি সংঘই ভবিষ্যতে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকলোকে আহ্বান জনায়। 

সংগঠনটোৱে লগতে উল্লেখ কৰে যে, "জুবিন গাৰ্গক ন্যায় দিবলৈ সর্বসাধাৰণ ৰাইজৰ লগতে সাংবাদিক-সংবাদ মাধ্যমেও সৰৱ ভূমিকা গ্রহণ কৰি আহিছে। এই ৰহস্যজনক ঘটনাৰ প্ৰকৃত তথ্য পোহৰলৈ আনিবলৈ সাংবাদিকসকলে দিনে-নিশাই কাম কৰি আহিছে। তেনে ক্ষেত্রত কৰ্তব্যৰত সাংবাদিকক সুৰক্ষা দিয়াৰ পৰিবৰ্তে তেওঁলোকৰ ওপৰত আক্ৰমণ গণতন্ত্ৰৰ পৰিপন্থী।" অসম বার্তাজীবী সংঘই কৰ্তব্যৰত সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত পানী নসৰকা আৰু ক্ষিপ্ৰ কৰিবলৈ চৰকাৰক দাবী জনায়।

ইফালে বাক্সাত সাংবাদিকক আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদৰ লগতে জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত আজি সংঘৰ তৰফৰ পৰা ৰাজ্যজুৰি এক প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সেই অনুসৰি অসম বাৰ্তাজীবী সংঘৰ প্ৰতিখন জিলা সমিতিয়ে নিজৰ নিজৰ জিলা সদৰত দুঘণ্টীয়া অবস্থান ধর্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি সাংবাদিকৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবীত মুখ্যমন্ত্রীলৈ জিলা আযুক্তৰ জৰিয়তে স্মাৰকপত্ৰ প্ৰেৰণ কৰিব।

আনহাতে, এই কাৰ্যসূচীত প্রিয় শিল্পী জুবিন গাৰ্গলৈও শ্রদ্ধাঞ্জলি জনোৱা হ'ব বুলি এক বিবৃতিযোগে ঘোষণা কৰিছে সংঘৰ সভাপতি মধুসুদন মেধি, উপ-সভাপতি অঞ্জন কুমাৰ শৰ্মা আৰু সাধাৰণ সম্পাদক মুকুটৰাজ শৰ্মাই। বাক্সাত সংঘটিত ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰো দাবী জনাইছে অসম বার্তাজীবী সংঘই।

জুবিন গাৰ্গ জুবিন