/asomiyapratidin/media/media_files/2025/08/31/agroni-khabar-2025-08-31-19-41-03.webp)
ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমৰ সাংবাদিকসকলৰ নায্য প্রাপ্তিৰ বাবে ১৯৭৪ চনৰ পৰাই মাত মাতি অহা অসম বার্তাজীৱী সংঘই চলিত বর্ষত সোণালী জয়ন্তী হিচাপে উদযাপন কৰিছে। অসমৰ বিভিন্ন জিলাত সোণালী জয়ন্তীৰ বৰ্ষজোৰা কাৰ্যসূচী ৰূপায়ণৰ অন্তত অহা ২৫ আৰু ২৬ অক্টোবৰ, ২০২৫ত গুৱাহাটীত অসম বাৰ্তাজীৱী সংঘৰ সোণালী জয়ন্তীৰ সামৰণি সমাৰোহ অনুষ্ঠিত হ'ব। এই সমাৰোহ উপলক্ষে অসমৰ প্ৰায় ১৮০ বছৰীয়া সাংবাদিকতাৰ ক্ষেত্ৰখনৰ বিভিন্ন দিশ সামৰি এখন স্মৃতিগ্রন্থ প্রকাশৰ ব্যৱস্থা কৰা হৈছে।
এই স্মৃতিগ্রন্থখনত প্রকাশৰ বাবে বার্তাজীৱী সংঘৰ সদস্য, শুভাকাংক্ষীসকলৰ পৰা লেখা আহ্বান কৰা হৈছে। এই লেখা মূলত সংবাদমাধ্যম, সাংবাদিকতা আদি বিষয়ক হ'ব লাগিব। অসম বার্তাজীৱী সংঘ সন্দৰ্ভত লেখাত নিজৰ অনুভৱ ব্যক্ত কৰিব পাৰিব।
বাৰ্তাজীৱী সংঘৰ স্মৃতি বিজৰিত ফটো, অনুষ্ঠান সম্পর্কত লেখা বা আন নথি-পত্রও এই স্মৃতিগ্ৰন্থখনত প্ৰকাশৰ বাবে প্ৰেৰণ কৰিব পাৰিব। লেখাসমূহ যথাসম্ভৱ ডিটিপি কৰি ৯৪৩৫২ ৭২৩৪৭ নম্বৰত ৱাটছ এপযোগে নতুবা অঞ্জন কুমাৰ শৰ্মা, উপ-সম্পাদক, অসমীয়া প্রতিদিন, চানমাৰি, গুৱাহাটী-৩ এই ঠিকনাত অহা ১৫ ছেপ্টেম্বৰ, ২০২৫ৰ ভিতৰত প্ৰেৰণ কৰিবলৈ অসম বাৰ্তাজীৱী সংঘৰ সোণালী জয়ন্তীৰ স্মৃতিগ্রন্থ উপ-সমিতিৰ সভাপতি মধুসুধন মেধি আৰু সম্পাদক অঞ্জন কুমাৰ শৰ্মাৰ লগতে অসম বাৰ্তাজীৱী সংঘৰ সাধাৰণ সম্পাদক মুকুটৰাজ শৰ্মাই এক বিবৃতিযোগে অনুৰোধ জনাইছে।