বৰ্ষাপাৰাত আলহী দল দক্ষিণ আফ্ৰিকাৰ ৰানৰ পাহাৰ

ভাৰতীয় দৰ্শকৰ সন্মুখত ভয়হীনভাৱে দক্ষিণ আফ্ৰিকাই আটাইকেইটা উইকেট হেৰুৱাই ৪৮৯ ৰান সংগ্ৰহ কৰি ঘৰুৱা দলটোক একপ্ৰকাৰ প্ৰত্যাহ্বানৰ মাজলৈ ঠেলি দিছে। দলৰ হৈ মিডল অ’ৰ্ডাৰ আৰু ল’ৱাৰ অ’ৰ্ডাৰৰ বেটাৰসকলে সন্তোষজনক প্ৰদৰ্শন

author-image
Asomiya Pratidin
New Update
286

ডিজিটেল ডেস্ক : অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হৈছে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টেষ্ট মেচ। শনিবাৰৰ পৰা আৰম্ভ হোৱা শৃংখলাৰ দ্বিতীয়খন মেচৰ আজি দ্বিতীয়টো দিন। প্ৰথমটো দিন সম্পূৰ্ণৰূপে আৰু দ্বিতীয় দিনৰ ভোজন বিৰতিৰ পাছলৈকে বেট ধৰাৰ সুযোগ পোৱা আলহী দল দক্ষিণ আফ্ৰিকাই গঢ়ি তুলিছে ৰানৰ পাহাৰ। 

IND VS SA TEST
উইকেট দখলৰ পাছত কুলদীপৰ উল্লাস Photograph: (INDIAN CRICKET TEAM)

ভাৰতীয় দৰ্শকৰ সন্মুখত ভয়হীনভাৱে দক্ষিণ আফ্ৰিকাই আটাইকেইটা উইকেট হেৰুৱাই ৪৮৯ ৰান সংগ্ৰহ কৰি ঘৰুৱা দলটোক একপ্ৰকাৰ প্ৰত্যাহ্বানৰ মাজলৈ ঠেলি দিছে। দলৰ হৈ মিডল অ’ৰ্ডাৰ আৰু ল’ৱাৰ অ’ৰ্ডাৰৰ বেটাৰসকলে সন্তোষজনক প্ৰদৰ্শন দাঙি ধৰি এই বিশাল স্ক’ৰ থিয় কৰিবলৈ সক্ষম হয়।

IND VS SA TEST
জ্যেষ্ঠ তাৰকা খেলুৱৈ ৰবীন্দ্ৰ জাডেজাক অভিবাদন সতীৰ্থৰ Photograph: (INDIAN CRICKET TEAM)

আনহাতে মেচৰ প্ৰথম ইনিছংৰ দ্বিতীয়টো দিনৰ দ্বিতীয় সত্ৰত ভাৰতীয় বলাৰসকলো উজলি উঠিবলৈ সক্ষম হয়। প্ৰথম ইনিছংত কুলদীপ যাদৱে সৰ্বাধিক ৪টা উইকেট দখল কৰাৰ বিপৰীতে বুমৰাহ, ছিৰাজ আৰু জাডেজাই দুটাকৈ উইকেট দখৱল কৰে। ইফালে দ্বিতীয়টো দিনৰ শেহৰ ফালে ভাৰতে বেট ধৰিবলৈ নামে। দিনান্তত ঘৰুৱা দলটোৱে বিনা উইকেটত ৯ৰান সংগ্ৰহ কৰিছে।

টীম ইণ্ডিয়া দক্ষিণ আফ্ৰিকা বৰ্ষাপাৰা বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম