বৰ্ষাপাৰাত ৮১.৫ অ’ভাৰৰে অন্ত পৰিল প্ৰথমটো দিন : কুলদীপৰ দখলত ৩টা উইকেট

বিশ্ব টেষ্ট ক্ৰিকেটৰ মানচিত্ৰত নাম খোদিত কৰি গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হৈছে আন্তৰ্জাতিক টেষ্ট মেচ। ভাৰতৰ ২৮ সংখ্যক টেষ্ট ক্ৰিকেট খেলা ষ্টেডিয়াম হিচাপেও এক সুকীয়া পৰিচয় লাভ কৰিলে অসম ক্ৰিকেট সন্থাৰ এই ষ্টেডিয়ামখনে

author-image
Asomiya Pratidin
New Update
276

ডিজিটেল ডেস্ক : বিশ্ব টেষ্ট ক্ৰিকেটৰ মানচিত্ৰত নাম খোদিত কৰি গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হৈছে আন্তৰ্জাতিক টেষ্ট মেচ। ভাৰতৰ ২৮ সংখ্যক টেষ্ট ক্ৰিকেট খেলা ষ্টেডিয়াম হিচাপেও এক সুকীয়া পৰিচয় লাভ কৰিলে অসম ক্ৰিকেট সন্থাৰ এই ষ্টেডিয়ামখনে

IND VS SA
উইকেট দখলৰ পাছত বুমৰাহক অভিবাদন সতীৰ্থৰ Photograph: (INDIAN CRICKET TEAM)

২২ নৱেম্বৰ ২০২৫ শনিবাৰৰ পৰা অনুষ্ঠিত হৈছে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ শৃংখলাৰ দ্বিতীয়খন টেষ্ট মেচ। এই মেচখনৰ দ্বাৰাই ঋষভ পণ্টৰ অভিষেক ঘটিছে টেষ্ট ক্ৰিকেটৰ অধিনায়ক হিচাপে। একেদৰে তেওঁ হৈছে মহেন্দ্ৰ সিং ধোনীৰ পাছত ভাৰতীয় দলক নেতৃত্ব দিয়া দ্বিতীয়গৰাকী উইকেট কীপাৰ অধিনায়ক। উল্লেখযোগ্য যে, এই বৰ্ষাপাৰাতে এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত অভিষেক ঘটাইছিল পণ্টে। সেয়া বাৰু এতিয়া অতীত।

আজি পুৱা ৯-০০ বজাৰ লগে লগে বৰ্ষাপাৰাত বাজি উঠা ঘণ্টাৰ লগে লগে আৰম্ভ হয় টেষ্ট মেচৰ। টছত জয়ী হৈ পোনতে বেট ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আলহী দল দক্ষিণ আফ্ৰিকাই। বিপৰীতে বৰ্ষাপাৰাত ইতিহাস সৃষ্টি কৰি প্ৰথমটো বল পেলাই ভাৰতীয় দলৰ নিৰ্ভৰযোগ্য বলাৰ তথা প্ৰাক্তন টেষ্ট অধিনায়ক যশপ্ৰীত বুমৰাহে। 

IND VS SA
দক্ষিণ আফ্ৰিকাৰ উইকেট পতনৰ মুহূৰ্তত Photograph: (INDIAN CRICKET TEAM)

বুমৰাহৰ বলেৰে শুভাৰম্ভ হোৱা আজিৰ এই মেচখনত দিনান্তত ৮১.৫ অ’ভাৰৰ খেল অনুষ্ঠিত হয়। আলহী দল দক্ষিণ আফ্ৰিকাই দিনটোৰ শেষত ৬টা উইকেট হেৰুৱাই ২৪৭ ৰান সংগ্ৰহ কৰে। আনহাতে ঘৰুৱা দল তথা পণ্ট নেতৃত্বাধীন টীম ইণ্ডিয়াৰ হৈ কুলদীপ যাদৱে সৰ্বাধিক ৩টা উইকেট দখল কৰিবলৈ সক্ষম হয়। 

IND VS SA
বৰ্ষাপাৰাত কে এল ৰাহুল, বুমৰাহ, জয়ছোৱালৰ আনন্দ Photograph: (INDIAN CRICKET TEAM)

কাইলৈ মেচৰ দ্বিতীয়টো দিন। আজিৰ দৰে ঠিক ৯-০০ বজাৰ লগে লগে আৰম্ভ হ’ব মেচ। কাইলৈৰ দিনটোৰ ভিতৰত নাইবা ভোজন বিৰতিৰ পাছত হয়তো ভাৰতে বেট ধৰাৰ সম্ভাৱনা আছে। 

দৰ্শকেও অধীৰ আগ্ৰহেৰে বাট চাই আছে এই ক্ষণলৈ। এ চি এৰ এক সূত্ৰই জনোৱা অনুসৰি কাইলৈৰ দিনটোত যথেষ্ট সংখ্যক দৰ্শকৰ আগমন ঘটিব ষ্টেডিয়ামত। ইতিমধ্যে ২৫হাজাৰৰো অধিক টিকট বিক্ৰী হৈছে দেওবাৰৰ দিনটোৰ বাবে।

বৰ্ষাপাৰা বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম