/asomiyapratidin/media/media_files/2025/12/24/hfffff-2025-12-24-16-49-20.jpg)
ডিজিটেল সংবাদ, ঢেকীয়াজুলিঃ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত বৰছলা অঞ্চলৰ গোঁসাইঘাটত আজি নিচেই পুৱা এটা বনৰীয়া হাতীৰ আক্ৰমণত এজন বৃদ্ধ ব্যক্তিৰ মৃত্যু হয় ৷ জানিব পৰা মতে, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নিকটৱৰ্তী গোসাইঘাটত আজি নিচেই পুৱা খুচীমোহন মণ্ডল (৭৭) নামৰ বয়োজেষ্ঠ ব্যক্তিজন শোৱাপাটীৰ পৰা উঠি প্ৰস্ৰাৱ কৰিবলৈ ঘৰৰ পিছফালে যোৱা সময়ত তেওঁক এটা বনৰীয়া হাতীয়ে আক্ৰমণ কৰে ৷
বয়োজেষ্ঠ লোকজনৰ চিঞৰ শুনি তেওঁৰ পুত্ৰ গোকুল মণ্ডলৰ লগতে পৰিয়ালৰ লোকসকল ওলাই আহি চিঞৰ বাখৰ কৰা হাতীটো আতঁৰি যায় ৷ ইয়াৰ পিছত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত লোকজনক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us