জামুগুৰিহাটত "যৌৱনে আমনি কৰে ২"ৰ প্ৰচাৰ কাৰ্যসূচী

"যৌৱনে আমনি কৰে ২" ছবিখন অহা ২ জানুৱাৰীত ৰাজ্যৰ ছবিগৃহসমূহত মুক্তি পাব। ছবিখনক লৈ দৰ্শকৰ মাজত ইতিমধ্যেই যথেষ্ট আগ্ৰহ দেখা গৈছে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-27 at 7.00.53 PM

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ মুক্তিৰ অপেক্ষাত থকা বহুচৰ্চিত অসমীয়া ছবি "যৌৱনে আমনি কৰে ২"ৰ প্ৰচাৰৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জামুগুৰিহাটতো আজি উপস্থিত হয় ছবিখনৰ শিল্পী তথা কলা কুশলীসকল।  

Capturebvvvvvvvvvv

ছবিখনৰ প্ৰচাৰৰ বাবে অহা অভিনেতা-অভিনেত্ৰীৰ দলটো উপস্থিত হয় কুসুমটোলাস্থিত পাৰিজাত হোটেলত। ​প্ৰচাৰ কাৰ্যসূচীত অংশ লৈ ছবিখনৰ বিষয়ে বহু গুৰুত্বপূৰ্ণ কথা সদৰি কৰে মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়াই। ​অসমীয়া চলচ্চিত্ৰ জগতৰ মোহময়ী অভিনেত্ৰী গৰাকীৰ উপস্থিতিৰ বাবে পাৰিজাত হোটেল চৌহদত অনুৰাগীৰ ভিৰ পৰিলক্ষিত হয়।

Capturefvfvfvf

ইফালে, অনুৰাগীসকলৰ সৈতে মত বিনিময় কৰি অভিনেত্ৰী গৰাকীয়ে ছবিখন উপভোগ কৰিবলৈ সকলোকে আহ্বান জনায়। উল্লেখযোগ্য যে,  "যৌৱনে আমনি কৰে ২" ছবিখন অহা ২ জানুৱাৰীত ৰাজ্যৰ ছবিগৃহসমূহত মুক্তি পাব। ছবিখনক লৈ দৰ্শকৰ মাজত ইতিমধ্যেই যথেষ্ট আগ্ৰহ দেখা গৈছে ।

বৰষা ৰাণী বিষয়া