বৰপেটাৰোডত দিন দুপৰতে ভয়ংকৰ ডকাইতি কাণ্ড

বৰপেটাৰোডত দিন দুপৰতে সংঘটিত হয় এক ভয়ংকৰ ডকাইতি কাণ্ড। পাঁচজনীয়া ডকাইতৰ দলে বৰপেটাৰোডৰ মাজ মজিয়াৰ পৰা লুটি নিলে ১২ কোটি টকাৰ আ-অলংকাৰ, নগদ ধন।

author-image
Asomiya Pratidin
New Update
HTYHTYTYTY

ডিজিটেল সংবাদ, বৰপেটাৰোডঃ বৰপেটাৰোডত দিন দুপৰতে সংঘটিত হয় এক ভয়ংকৰ ডকাইতি কাণ্ড। পাঁচজনীয়া ডকাইতৰ দলে বৰপেটাৰোডৰ মাজ মজিয়াৰ পৰা লুটি নিলে ১২ কোটি টকাৰ আ-অলংকাৰ, নগদ ধন। 'সেনকো' নামৰ অলংকাৰ শ্ব' ৰুমত সংঘটিত হয় এই ঘটনা।

জানিব পৰা মতে, মুখত মাক্স পৰিহিত হিন্দী ভাষাত কথা কোৱা যুৱক কেইজনে প্ৰথমে CCTVৰ সংযোগ কৰ্তন কৰি লৈছিল। তাৰ পাছতে, হাতে মুখে বান্ধি লৈ পিষ্টল দেখুৱাই লুটি নিলে সোণ, ৰূপ, হীৰাৰ অলংকাৰ।

ইতিমধ্যে বৰপেটাৰোড আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। আনহাতে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে। 

বৰপেটাৰোড