ডিজিটেল ডেস্কঃ খ্ৰীষ্টমাছৰ পুৱাই বৰপেটা কেওটকুছিৰ ধৰ্মপ্ৰাণ ব্যক্তি দিপেন পাঠকৰ মৃত্যুৰ খবৰে বৰপেটাত শোকৰ ছা পেলাইছে। অতিকে ধৰ্ম পৰায়ণ, কেওটকুছি অঞ্চলৰ সকলোৰে প্ৰিয় ৮৫ বছৰীয়া পাঠকৰ আজি পুৱা ৬.৩০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়।
এসময়ত বৰপেটাত সু-অভিনেতা আৰু ৰূপ সজ্জাৰ বাবে পৰিচিত লোকজনে ৫ বছৰমান আগলৈকে বলেব'মৰ সময়ছোৱাত পদব্ৰজে বাবা ধামলৈ গৈ শিৱলিংগত অভিশেষ কৰিছিল। উল্লেখ্য যে, ব্যৱসায় সূত্ৰে ভূটানত বাস কৰা পাঠক বড়ো আন্দোলনৰ সময়ছোৱাত বৰপেটালৈ উভতি আহিছিল।
কিছু দিন পূৰ্বে ষ্ট্ৰোকত আক্ৰান্ত হোৱা দিপেন পাঠকক প্ৰথমে জিএনআৰচি আৰু পাছলৈ জিএমচিএইচত চিকিৎসা কৰোৱা হয়। কেইবছৰমান পূৰ্বেও তেওঁ গুৰুতৰভাৱে হৃদৰোগত আক্ৰান্ত হৈছিল যদিও চিকিৎসালয়ত সুস্থ হৈ উঠিছিল।
কিন্তু মানসিক আৰু শাৰিৰীকভাৱে সবল ব্যক্তিজনে এইবাৰ মৃত্যুৰ যুঁজত হাৰ মানিলে। পত্নীসহ দুই পুত্ৰ এৰি যোৱা দিপেন পাঠক অসমৰ জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱ পাঠকৰ পিতৃ। পৰিয়াল সূত্ৰে জানিব পৰা মতে, এঘন্টামান সময়ৰ পাছত তেওঁক বৰপেটালৈ লৈ যোৱা হ'ব।