/asomiyapratidin/media/media_files/2026/02/03/juweawawwa-2026-02-03-19-05-01.jpg)
ডিজিটেল সংবাদ, বৰপেটাঃ ক্ৰমাৎ যেন মুকলি জুৱাৰ ঘাটিলৈ পৰিণত বৰপেটা জিলা। জিলাখনৰ চোকে-কোণে এতিয়া কেৱল জুৱা আৰু জুৱা। কিন্তু নিৰ্লিপ্ত হৈ পৰিছে বৰপেটা জিলা আৰক্ষী-প্ৰশাসন। যাৰ ফলত জুৱা মাফিয়াই সকলো ৰাজহুৱা অনুষ্ঠানতে বিনা দ্বিধাই চলাই গৈছে মুকলি জুৱাৰ ৰমৰমীয়া বেহা।
বৰপেটা জিলাৰ অন্তৰ্গত বালাপাৰা, আমদহ বৰলা, শালদহ জুৱাৰ ঘাটিলৈ পৰিণত হৈছে। শালদহ প্ৰাথমিক বিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখতেই মুকলিকৈ চলিছে জুৱাৰ বেহা। বৰপেটা জিলাৰ অন্তৰ্গত শালদহ শ্ৰীশ্ৰী গোপীনাথ মহাপ্ৰভুৰ সভা মহোৎসৱৰ সময়ত এনেদৰে চলিছে জুৱা।
জুৱা মাফিয়াই বৰপেটা আৰক্ষী-প্ৰশাসনৰ সৈতে গোপন বুজাবুজিৰ পৰিপেক্ষিতত এনেদৰে চলাইছে জুৱাৰ ৰমৰমীয়া ব্যৱাসায় চলোৱাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ড্ৰাগছ, জুৱাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পিছতো কিয় বৰপেটা জিলাৰ চোকে-কোণে চলিব পাৰিছে জুৱাৰ বেহা বুলিও প্ৰশ্ন স্থানীয় ৰাইজৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us