ফেচবুক প্ৰেমঃ বৰপেটাৰ যুৱকক অপহৰণ কৰি আৰক্ষীৰ জালত প্ৰেমিকা সহ অপহৰণকাৰী

ফেচবুক প্ৰেমঃ বৰপেটাৰ যুৱকক অপহৰণ কৰি আৰক্ষীৰ জালত প্ৰেমিকা সহ অপহৰণকাৰী

author-image
Asomiya Pratidin
New Update
ফেচবুক প্ৰেমঃ বৰপেটাৰ যুৱকক অপহৰণ কৰি আৰক্ষীৰ জালত প্ৰেমিকা সহ অপহৰণকাৰী

ডিজিটেল সংবাদ,দক্ষিণ শালমাৰাঃ বৰপেটাৰ যুৱকক অপহৰণ কৰি পৰিয়ালৰ পৰা ৫ লাখ টকা মুক্তিপন বিচৰা প্ৰেমিকা সহ ৩ অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰে বন্দিহানা আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি, বৰপেটা জিলাৰ কাচুমাৰা থানাৰ অধীনস্থ কাচুমাৰা এন চি গাঁৱৰ প্ৰয়াত বদিৰ আলীৰ পুত্ৰ ২১ বছৰীয়া ছুকুম আলীক ৩০ মে’ত মৰিগাঁৱৰ এগৰাকী মহিলাই দুই সহযোগীৰ সৈতে গুৱাহাটীৰ জালুকবাৰীৰ পৰা অপহৰণ কৰিছিল।

Advertisment

যুৱক জনক প্ৰেমৰ ছলনাৰে অপহৰণ কৰি দক্ষিণ শালমাৰালৈ আনি পৰিয়ালৰ লোকৰ পৰা ৫ লাখ টকা মুক্তিপন দাবী কৰিছিল অপহৰণকাৰীয়ে। ঘটনাক লৈ পৰিয়ালৰ লোকে আজৰা থানাত এখন এজাহাৰ দাখিল কৰে।এই এজাহাৰ ভিত্তিত আজৰা থানাৰ আৰক্ষীয়ে ঘটনাৰ অনুসন্ধান চলায়।

যুৱক জনক দক্ষিণ শালমাৰাৰ চৰ এলেকাত অপহৰণ কৰি ৰখা বুলি তথ্য লাখ কৰে আৰক্ষীয়ে। লগে লগে আজৰা আৰক্ষীয়ে বন্দিহানা আৰক্ষীক বিষয়টো অৱগত কৰাত শনিবাৰে বিয়লি বন্দিহানা আৰক্ষীয়ে ঝৰ্ণাৰচৰ গাঁৱত অভিযান চলাই অপহৃত যুৱক জনক উদ্ধাৰ কৰে।

আৰক্ষীয়ে আটক কৰে ঘটনাৰ লগত জৰিত ৩ অপহৰণকাৰীক। ধৃত অপহৰণকাৰী ৩ জন ফকিৰগঞ্জ থানা এলেকাৰ অধীনস্থ ঝৰ্ণাৰচৰ গাঁৱৰ নুৰ আলী মোল্লাৰ পুত্ৰ ৩২ বছৰীয়া শ্বাহানুৰ মোল্লা, কলোপাকানীয়া গাঁৱৰ প্ৰয়াত শুক্কুৰ আলীৰ ৩৮ বছৰীয়া পুত্ৰ জাহিদুৰ ইছলাম।ঘটনাত জৰিত থকা অভিযোগত আৰক্ষীয়ে মৰিগাওঁ থানা এলেকাৰ অধীনস্থ বুৰাগাঁও গাঁৱৰ এগৰাকী মহিলাকো আটক কৰে। বন্দিহানা আৰক্ষীয়ে অপহৰণকাৰী ৩ জনক আজৰা থানাত চমজাই দিয়ে। আজি ৩ জনক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাই জেললৈ প্ৰেৰণ কৰে।

লক্ষণীয় যে, বৰপেটাৰ ছুকুম আলী নামৰ যুৱক জনক মৰিগাঁৱৰ বিবাহিতা মহিলা গৰাকীয়ে ফেচবুকত চিনাকী হৈ প্ৰেমৰ জালত পেলাইছিল। প্ৰেমৰ সম্পৰ্ক গভীৰ হোৱাৰ পাচত যুৱক জনক সাক্ষাতৰ বাবে মহিলা গৰাকীয়ে গুৱাহাটীলৈ মাতে। পৰিকল্পিত ভাবে ধুবুৰীৰ আন দুই সহযোগীৰ দ্বাৰা মহিলাজনীয়ে যুৱকজনক অপহৰণ কৰে। এই ঘটনাই সমগ্ৰ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Also Read: লম্পত শিক্ষক গৌতম নাথক ফাঁচিৰ দাবী কাৰ্বি আংলং জিলা বাঙালী সমাজৰ

Facebook love barpeta boy kidnapped