বৰমাৰ তুলসী ৰাভালৈ ডক্টৰেট উপাধি প্ৰদান

তুলসী ৰাভাক শিক্ষা আৰু সামাজিক কাম কাজৰ বাবে এই সন্মানীয় ডক্টৰেট উপাধি প্ৰদান কৰা হয়। তেওঁক যোৱা ১৩ ডিচেম্বৰত দিল্লী এনচিআৰৰ ফৰিদাবাদস্থিত দ্য কাষ্টেল অৱ আৰ্ট থিয়েটাৰৰ প্ৰেক্ষাগৃহত এক বিশেষ অনুষ্ঠানৰ জৰিয়তে এই সন্মান অৰ্পণ কৰা হয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ বাক্সা জিলাৰ বৰমাত থকা বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক তুলসী ৰাভালৈ দিল্লীৰ মেজিক এণ্ড আৰ্ট বিশ্ববিদ্যালয়ৰ পৰা  ডক্টৰেট উপাধি  প্ৰদান কৰে । তুলসী ৰাভাক শিক্ষা আৰু সামাজিক কাম কাজৰ বাবে এই সন্মানীয় ডক্টৰেট উপাধি প্ৰদান কৰা হয়। তেওঁক যোৱা ১৩ ডিচেম্বৰত দিল্লী এনচিআৰৰ ফৰিদাবাদস্থিত দ্য কাষ্টেল অৱ আৰ্ট থিয়েটাৰৰ প্ৰেক্ষাগৃহত এক বিশেষ অনুষ্ঠানৰ জৰিয়তে এই সন্মান অৰ্পণ কৰা হয়।  তেওঁ নিখিল ৰাভা ছাত্ৰ সন্থা তথা আৰছুৰ ১৯৯৬ চনৰ পৰা ২০০১ চনলৈ দুটা কাৰ্যকালৰ বাবে সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 

5abc1322-a168-49b5-a90e-7dcaa05df718

সদৌ অসম জনজাতি ছাত্ৰ সন্থা তথা  আটছুৰ যুটীয়া সম্পাদক হিচাপে ১৯৮৫ চনৰ  পৰা ১৯৮৮ চনলৈ কাযনিৰ্বাহ কৰিছিল । ইণ্ডিজেনাছ ট্ৰাইবেল ফেডাৰেচনৰ ২০০৮ চনৰ পৰা  ২০১০ চনলৈ সভাপতি, ইউ ডি পি এফ দলত ২০১০ চনৰ পৰা ২০১২লৈ  সাধাৰণ সম্পাদকৰ দায়িত্ব লৈছিল । ১৯৯৫ চনত ৰাভা চুক্তিৰ জৰিয়তে ৰাভা হাছং স্বায়ত্ত পৰিষদ লাভ কৰাৰ অন্যতম ভূমিকা গ্ৰহণ কৰিছিল তুলসী ৰাভাই । তাৰোপৰি ১৯৮৯ চনত ৰাভা ভাষা স্বীকৃতি লাভ কৰা আন্দোলনৰো আগশাৰীত থাকি নেতৃত্ব বহন কৰিছিল । তেওঁ ১৯৯৫ ইং চনৰ পৰা বাক্সা জিলাৰ বৰমাত  থকা বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰাজনীতি বিজ্ঞান বিভাগৰ  বিষয় শিক্ষক হিচাপে কাম কৰি আছে । 

5abc1322-a168-49b5-a90e-7dcaa05df718

উল্লেখ্য যে, বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে ২০২৪ চনৰ আগষ্ট ৩০  পৰা ২৮-০৭-২০২৫ ৰ ২৮ জুলাইলৈকে দায়িত্ব লৈছিল । তেওঁ বাক্সা জিলাৰ বৰমাৰ ওচৰৰ আলাগজাৰ গাৱঁৰ চাৰানপাৰা চুপাৰ  হৰোৰাম ৰাভা আৰু বদলী ৰাভাৰ পুত্ৰ।ৰাভাই ২০২৩ চনত  " কথা চিন্তাৰ তৰংগ " নামৰ এখন গ্ৰন্থও প্ৰকাশ কৰিছে  । তেওঁক ২০১৫ চনত বাক্সা জিলা প্ৰশাসন আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শকে " কৃতি শিক্ষক বঁটা প্ৰদান কৰিছিল।

বৰমা