/asomiyapratidin/media/media_files/2025/11/14/baroma-2025-11-14-12-43-31.jpeg)
ডিজিটেল সংবাদ,বৰমাঃ বাক্সা জিলা বড়ো সাহিত্য সভাৰ অধীনৰ প্ৰাথমিক বড়ো সাহিত্য সভা সমূহে বড়ো লোক সাহিত্যৰ সাধক ( বড়ো খুগা থুনলাইনি অজা ) সুকুমাৰ বসুমতাৰীৰ ২৯ তম মৃত্যু দিৱস উদযাপন কৰাৰ লগতে বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাই আজি বাটাছাৰাত থকা ৫১৭ নং বাটাছাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গণত বড়ো লোক সাহিত্যৰ সাধক সুকুমাৰ বসুমতাৰীৰ ২৯ তম মৃত্যু দিৱস উদযাপন কৰে ।
উল্লেখ্য যে, বড়ো সাহিত্য সভাৰ পতাকাখন আধা উত্তোলন কৰে বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাৰ সভাপতি উমেশ চন্দ্ৰ বড়োই । লোক সাহিত্যিক গৰাকীৰ প্ৰতিকৃতি ছবিত মাল্যৰ্পন শুভাৰম্ভ কৰে বাক্সা জিলা বড়ো সাহিত্য সভাৰ জিলা সদস্য কুল'ৰাম ব্ৰহ্মই। অনুষ্ঠানটোত ৫১৭ নং বাটাছাৰা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক- শিক্ষয়িত্ৰী সকলৰ লগতে নেহৰু মিলন হাইস্কুলৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক- শিক্ষয়িত্ৰী সকলে অংশগ্ৰহণ কৰে।
আনফালে,বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাৰ সম্পাদক গণপতি সোৰাং বড়োই আতধৰা অনুষ্ঠানটোত বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাৰ উপ সভাপতি খ্ৰৌমছাৰ বসুমতাৰী , সহকাৰী সম্পাদক পৰেশ চন্দ্ৰ বড়ো পৰেশ বড়ো, শিক্ষক হলধৰ বড়ো আৰু বাটাছাৰা অঞ্চলৰ বহু কেইজন সাহিত্য কৰ্মী সকলে অংশগ্ৰহণ কৰে ।
তাৰোপৰি সুকুমাৰ বসুমতাৰীয়ে বড়ো লোক সাহিত্যৰ ওপৰত লিখা ২৯ খন পুথি গুৱাহাটী বিশ্ববিদ্যালয়ত বড়ো ভাষাত MA পঢ়াত লাগে। তেওঁৰ সোৱৰণত বড়ো লিখক সংস্থাই প্ৰতি বছৰে " সাহিত্য বঁটা, বাক্সা জিলা বড়ো সাহিত্য সভাই বাক্সা জিলা ( মুছলপুৰ সদৰ অন্তৰ্গত) ৰ পৰা HS examination ত বড়ো বিষয়ত Highest নম্বৰ পোৱা ছাত্ৰ/ ছাত্ৰীক প্ৰতি বছৰে " ছাত্ৰ বঁটা " দি আহিছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us