/asomiyapratidin/media/media_files/2026/01/29/1-2026-01-29-17-59-45.jpg)
ডিজিটেল ডেস্কঃ ভূটানৰ ৰাজমাতা আশী দৰ্জী ৱাংমো ৱাংচুকলৈ উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা। ৩ ফেব্ৰুৱাৰীত বড়োলেণ্ড বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ'ব বঁটা প্ৰদান অনুষ্ঠান। সমাজ কল্যাণ, গ্ৰামীণ উন্নয়ন আৰু সাংস্কৃতিক সংৰক্ষণৰ ক্ষেত্ৰত থকা বিশেষ অৱদানৰ বাবে আগবঢ়োৱা হয় এই সন্মান।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/29/whatsapp-imag-2026-01-29-18-00-00.jpeg)
উল্লেখ্য যে, এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, BTC প্ৰধান হাগ্ৰামা মহিলাৰীয়ে । বড়োফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ স্মৃতিত স্থাপন কৰা উপেন্দ্ৰনাথ ব্ৰহ্ম ছ'লজাৰ অফ হিউমেনিটি বঁটাক ২০০৪ চনৰ পৰাই প্ৰতি বছৰে দিয়া হয় । এই বঁটাটো যি ব্যক্তিয়ে মানৱৰ জাতিৰ বাবে আদৰ্শ সেৱাৰ কাম কৰি আহিছে , তেওঁলোকক সন্মান জনোৱাৰ বাবে ২০০৪ চনৰ পৰাই প্ৰতি বছৰেই দি আহিছে । এই বঁটাত থাকিব নগদ ২ লাখ টকা আৰু বড়োফাৰ মমেন্ট।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us