Advertisment

বিশ্বনাথ চাৰিআলিত বৰ্ণম ৰাষ্ট্ৰীয় নাট সমাৰোহ

বৰ্ণমৰ সভাপতি অমৰজ্যোতি বৰুৱাই জনাইছে যে তিনিটা দিনত মুঠ আঠটা নাট্যদলে নাট পৰিৱেশন কৰিব।৫ জানুৱাৰীত মঞ্চস্থ হ'ব পশ্চিমবংগৰ বাংলা নাটক 'স্বীকাৰোক্তি', এৰিয়েল ডফ্টমেনৰ এটি গল্পৰ আধাৰত শেখৰ চমাদাৰৰ ৰচনাৰে হৰিপ্ৰসাদ দাসৰ পৰিচালনা।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
a

ডিজিটেল সংবাদ,গুৱাহাটীঃ  অসমৰ সন্মানীয় নাট্যগোষ্ঠী বর্ণমে অহা ৫, ৬ আৰু ৭ জানুৱাৰীত বিশ্বনাথ চাৰিআলিৰ কমলাকান্ত নাট্য সমাজৰ প্ৰেক্ষাগৃহত আয়োজন কৰিবলৈ লৈছে অষ্টম বৰ্ণম মৃণালী শৰ্মা ৰাষ্ট্ৰীয় নাট সমাৰোহ। বৰ্ণমৰ সভাপতি অমৰজ্যোতি বৰুৱাই জনাইছে যে তিনিটা দিনত মুঠ আঠটা নাট্যদলে নাট পৰিৱেশন কৰিব।

Advertisment

৫ জানুৱাৰীত মঞ্চস্থ হ'ব পশ্চিমবংগৰ বাংলা নাটক 'স্বীকাৰোক্তি', এৰিয়েল ডফ্টমেনৰ এটি গল্পৰ আধাৰত শেখৰ চমাদাৰৰ ৰচনাৰে হৰিপ্ৰসাদ দাসৰ পৰিচালনা। দ্বিতীয়খন নাটক প্রখ্যাত অসমীয়া সাহিত্য শিল্পী চৈয়দ আব্দুল মালিকৰ গল্পৰ আধাৰত কুশল ডেকাৰ ৰচনা-পৰিচালনাৰে বৰ্ণমৰ নিবেদন 'কাঠফুলা'।

৬ জানুৱাৰীত মঞ্চস্থ হ'ব গুৱাহাটীৰ ভয়চ থিয়েটাৰৰ নিবেদন নাট্যকাৰ হিল্লোল কুমাৰ পাঠকৰ ৰচনা আৰু মাণিক ৰয়ৰ পৰিচালনাৰে 'মধুমক্ষিকা'। দ্বিতীয়খন নাটক পশ্চিমবংগৰ প্ৰফুল্ল ৰয় ৰচিত আৰু বিশ্বজিৎ বিশ্বাস পৰিচালিত 'সাতঘৰীয়া'। ৭ জানুৱাৰীত পুনেৰ মাৰাঠী নাটক সতীশ কুমাৰৰ ৰচনা-পৰিচালনাৰে 'খোল দো'।

দ্বিতীয়খন নাটক প্রভাত গোস্বামীৰ ৰচনা আৰু নিৰ্মল দাসৰ পৰিচালনাৰে বৰপেটাৰ মুখাৰ নিবেদন 'এটা নিশাৰ সংগী'। তৃতীয়খন নাটক ধেমাজিৰ 'বিদ্যা দ্য লিভিং' থিয়েটাৰৰ নিবেদন প্ৰাঞ্জল বুঢ়াগোহাঁইৰ ৰচনা-পৰিচালনাৰে 'আইচু'। ৬ জানুৱাৰীৰ তৃতীয়খন নাটক উৰিষ্যাৰ নায়িকা নাট্য চেতনাৰ নিবেদন সুবোধ পাটনায়কৰ ৰচনা আৰু সুজাতা প্রিয়ম্বদাৰ পৰিচালনাৰে 'ৰেৱতী এৱতী আউ টিৱতী'।

বৰ্ণমৰ সঞ্চালক কুশল ডেকাই জনাইছে যে, ৬ জানুৱাৰীৰ দিনৰ ১১ বজাত এই সমাৰোহৰ লগত সংগতি ৰাখি বিশ্বনাথ কলেজ অব এডুকেশ্যনৰ সহযোগত এখনি আলোচনাচক্র অনুষ্ঠিত হ'ব। বিষয়ঃ 'অসমীয়া নাট্য পৰিক্ৰমাৰ পৰিৱৰ্তিত ধাৰা আৰু পংকজজ্যোতি ভূঞাৰ নাটক'।

 এই সভাত অংশগ্রহণ কৰিব জামুগুৰি টি. এইচ. বি. কলেজৰ জ্যেষ্ঠ অধ্যাপিকা, বিশিষ্ট অভিনেত্রী নিবেদিতা ভৰালী, বিশ্বনাথ মহাবিদ্যালয়ৰ প্রবক্তা বলীন ভূঞা, বিশিষ্ট নাট পৰিচালক অসীম কুমাৰ নাথ আৰু নাট সমালোচক, নিবন্ধকাৰ, নাট্যকাৰ হিল্লোল কুমাৰ পাঠকে।

বৰ্ণম ৰাষ্ট্ৰীয় নাট সমাৰোহ